২৫ ফেব্ৰুৱাৰীৰ পৰা এডভাণ্টেজ আছাম ২.০: তীব্ৰ গতিত চলিছে প্ৰস্তুতি...

২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ইয়াৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশ, বিদেশৰ শীৰ্ষ উদ্যোগীসকলক সাক্ষাত কৰিছে।

author-image
Asomiya Pratidin
New Update
২৫ ফেব্ৰুৱাৰীৰ পৰা এডভাণ্টেজ আছাম ২.০: তীব্ৰ গতিত চলিছে প্ৰস্তুতি...

ডিজিটেল ডেস্কঃ অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ইতিমধ্যে এই সন্মিলনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ শীৰ্ষ উদ্যোগীসকলক সাক্ষাত কৰি আমন্ত্ৰণ জনোৱাৰ লগতে কেইবাখনো বিদেশ ৰাষ্ট্ৰ ভ্ৰমণ কৰি উদ্যোগীসকলক আকৰ্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। একেদৰে ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী বিমল বৰায়ো ইয়াৰ পূৰ্বে কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিনিয়োগকাৰীৰ এডভাণ্টেজ আছাম ২.০ ৰ বাবে আকৰ্ষিত কৰাৰ চেষ্টা চলাইছিল।

Advertisment

অসম চৰকাৰৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণ গতিত অব্যাহত ৰাখি অন্তিম পৰ্যায়ত উপনীত হৈছে। এই এডভাণ্টেজ আছাম সন্মিলনৰ জৰিয়তে অসম চৰকাৰৰে সৰ্ববৃহৎ বিনিয়োগ প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ পদক্ষেপ হিচাপে ৰাজ্যখনৰ ভূ-কৌশলগত সুবিধাসমূহ আৰু বিনিয়োগৰ প্ৰধান গন্তব্যস্থান হিচাপে ইয়াৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰা হৈছে প্ৰচাৰ চলাইছে।  

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলত অসমৰ অৱস্থিতি কৌশলগতপূৰ্ণ। অসমে উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। অসম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩ চনৰ বিত্তীয় বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি এছ ডি পি)ৰ বছৰৰ পিছত বছৰ ধৰি ১৯.৫% উল্লেখযোগ্য বৃদ্ধিৰ ৰেকৰ্ড গঢ়িছে। ই পৰিৱৰ্তনশীল অৰ্থনৈতিক যাত্ৰাক প্ৰতিফলিত কৰিছে।

শেহতীয়াকৈ ৰাজ্যখনে আন কেতবোৰ কৌশলগত বিনিয়োগ লাভ কৰিছে। তাৰ ভিতৰত জাগীৰোডত টাটাৰ দ্বাৰা প্ৰায় ৩.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ’এছএটি) প্ৰকল্প। এই প্ৰকল্পই অসমৰ বৃহৎ বিনিয়োগ আকৰ্ষণ কৰাৰ ক্ষমতা আৰু অনুকূল ব্যৱসায়িক পৰিৱেশ সৃষ্টিৰ প্ৰতি থকা দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে।

উল্লেখ্য যে, এই সন্মিলনত অসমৰ উৎপাদন শক্তি আৰু ৰপ্তানিমুখী উৎপাদন আৰু বৃদ্ধি পোৱা অৰ্থনীতি, বিশেষকৈ আছিয়ান আৰু বিবিএন দেশসমূহৰ বাবে সেৱাৰ সুযোগসমূহ প্ৰদৰ্শন কৰা হ’ব। এই সন্মিলন ৰাজ্যখনৰ বিনিয়োগৰ সুযোগসমূহ প্ৰদৰ্শন কৰা জি টু বি আৰু বি টু বি বৈঠকৰ বাবে এক ডাঙৰ মঞ্চ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা এডভাণ্টেজ আছাম ২.০