ভাইৰেল ADRE ৰ প্ৰশ্নকাকতঃ ৯০ পৃষ্ঠাৰ প্ৰশ্ন কাকত বিয়পিছে হোৱাটছএপত...

ভাইৰেল ADRE ৰ প্ৰশ্নকাকতঃ ৯০ পৃষ্ঠাৰ প্ৰশ্ন কাকত বিয়পিছে হোৱাটছএপত...

author-image
Asomiya Pratidin
New Update
ভাইৰেল ADRE ৰ প্ৰশ্নকাকতঃ ৯০ পৃষ্ঠাৰ প্ৰশ্ন কাকত বিয়পিছে হোৱাটছএপত...

ভাইৰেল ADRE ৰ প্ৰশ্নকাকতঃ ৯০ পৃষ্ঠাৰ প্ৰশ্ন কাকত বিয়পিছে হোৱাটছএপত...

ডিজিটেল ডেস্কঃ ফাদিল হ'ল ADRE-2024 ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত। ১৫ ছেপ্টেম্বৰ, ২০২৪ দেওবাৰে অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাৰ প্ৰশ্ন কাকত আজি সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছে।

Advertisment

৯০ পৃষ্ঠাৰ এই প্ৰশ্ন কাকতখন পি ডি এফ আঁকাৰে এতিয়া সামাজিক মাধ্যমত তীব্ৰ বেগত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ পাছত পৰীক্ষাৰ্থীসকলৰ পৰা প্ৰশ্ন কাকতসমূহ ৰাখি থোৱা হৈছিল।

প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ পৰা অ' এম আৰ শ্বিটৰ উপৰিও প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিছিল নিৰীক্ষকে। এনে পৰিস্থিতিত কেনেকৈ এই প্ৰশ্নকাকতখন ভাইৰেল হ'বলৈ পালে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই প্ৰশ্ন কাকতখন পৰীক্ষাৰ আগত নে পৰীক্ষাৰ পাছত ফাদিল হৈছে সেয়া এতিয়াও নিশ্চিত নহয়। যদিহে পৰীক্ষাৰ পূৰ্বেই কাৰোবাৰ হাতলৈ এই প্ৰশ্ন কাকখন আহিছিল তেন্তে পৰীক্ষা কিমান স্বচ্ছতাৰে অনুষ্ঠিত হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন।

যদিহে পৰীক্ষাৰ পাছত ফাদিল হৈছে তেন্তে কোনে এই কাম কৰিলে? কোন নিৰীক্ষক অথবা আন কোনো চৰকাৰী কৰ্মচাৰী জড়িত হৈ আছে সেয়াও ডাঙৰ প্ৰশ্ন। কিয়নো নিযুক্তি পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে অগণতান্ত্ৰিকভাৱে ইণ্টাৰনেট কৰ্তনৰ দৰে সিদ্ধান্ত লৈছিল।

অসম আৰক্ষীয়ে পৰীক্ষাৰ্থীক পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে অন্তৰ্বাস পৰ্যন্ত খুলি হাৰাশাস্তি কৰিছিল। পৰীক্ষা কেন্দ্ৰলৈ পানীৰ বটলো নিবলৈ দিয়া হোৱা নাছিল।

আনকি স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে বিধানসভাত আইন প্ৰণয়ন কৰি কঠোৰ শাস্তিৰ বিধান কৰা হৈছে। পৰীক্ষাত বিসংগতিৰ চেষ্টা কৰিলে অতি কমেও ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাগাৰৰ শাস্তিৰ বিধান কৰা হৈছে।

তাৰ পাছতো কোনে এই কাম কৰিলে? কিয় ইমান কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো প্ৰশ্নকাকত ফাদিল হ'ল সেয়া এতিয়া সৰ্বত্ৰে প্ৰশ্ন উঠিছে। মন কৰিবলগীয়া যে এই ৯০ পৃষ্ঠাৰ ভাইৰেল প্ৰশ্ন কাকতখনৰ বুকলেট নম্বৰ ১০৩৫০৩৪। কেম স্কেনাৰৰ দ্বাৰা স্কেন কৰা হৈছিল এই প্ৰশ্ন কাকতখন।

Also Read: ভাল দিন, বেয়া দিন সকলো সময়তে কেজৰিৱালৰ প্ৰথম পছন্দ মঙলবাৰ...

প্ৰশ্ন কাকত ফাদিল এ ডি আৰ ই নিযুক্তি পৰীক্ষা