/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cab3a167-5d53-47c1-a3d8-82c64f361e1e/390.jpg)
ডিজিটেল সংবাদ,দুমুনিচকী : বাইহাটা চাৰিআলিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মাণ উৰণ সেতুৰ বীম খহি পৰা ঘটনাৰ গোচৰ ৰুজু কৰে কামৰূপ জিলা প্ৰশাসনে। বাইহাটা চাৰিআলি আৰক্ষী থানাত নিৰ্মাণ প্ৰতিষ্ঠান নিৰ্মল বিল্ডইনফ্ৰাৰ বিৰুদ্ধে ৬৩/২৪ নম্বৰত গোচৰ ৰুজু কৰে ।
গোচৰৰ ভিত্তিত বাইহাটা চাৰিআলি আৰক্ষীয়ে ধৰ্মেন্দ্ৰ, জোনাক ডেকা, অমল অৰ্জুন, চুবুধ কুমাৰ চুমন আৰু ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কেইজনক কামৰূপ আৰক্ষীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পাছত আদালতে অভিযুক্ত কেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1a5bff61-c217-440c-b725-abdf607d1cba/dded3685_b1ca_4319_a56b_ddfd76603597.jpg)
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মাণ উৰণ সেতুৰ বীম খহি মৃত্যু হৈছিল এগৰাকী চানা বেপাৰীৰ। ব্যাপক বিসংগতিপূৰ্ণভাৱে নিৰ্মাণকাৰ্য্য চলোৱাৰ অভিযোগ উত্থাপন কৰে বিভিন্ন দল সংগঠন তথা স্থানীয় লোকে।
Also Read: উকা কেনভাচত ৰং বুলাই চিত্ৰশিল্পীয়ে জীপাল কৰে কাজিৰঙাৰ পৰিৱেশ