/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/bb2977ce-4439-491c-9d06-a91ccc764d68/mama.jpg)
ডিজিটেল ডেস্ক : বিশ্ববিখ্যাত অভিনেতা শ্বাহৰুখ খানৰ সদ্যমুক্তি প্ৰাপ্ত চিনেমা পাঠান সন্দৰ্ভত গুৱাহাটীত সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা । বজৰং দলৰ নাৰেংগী আঞ্চলিক শাখাৰ উদ্যোগত নিকটৱৰ্তী চিনেমা গৃহত বৰ্জন কৰা হৈছিল চিনেমাখন । তাৰ পাছতেই এই সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰশ্ন উত্থাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক । এক সংবাদ মেলত উত্থাপন হোৱা এই প্ৰশ্নটিৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে "শ্বাহৰুখ খান কোন ? কিবা সমস্যা হ'লে শ্বাহৰুখে মোলৈ ফোন কৰিব ।" বুলি দিয়া মন্তব্যই চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত ।
ইয়াৰ পাছতেই ৰবিবাৰে ৰাতিপুৱা টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা ২ বজাত শ্বাহৰুখ খানে ফোন কৰাৰ কথা সদৰী কৰে ।
Bollywood actor Shri @iamsrk called me and we talked today morning at 2 am. He expressed concern about an incident in Guwahati during screening of his film. I assured him that it’s duty of state govt to maintain law & order. We’ll enquire and ensure no such untoward incidents.
— Himanta Biswa Sarma (@himantabiswa) January 22, 2023
টুইটটোত প্ৰকাশ কৰা মন্তব্য অনুসৰি, অভিনেতা গৰাকীয়ে পাঠান সন্দৰ্ভত গুৱাহাটীত সৃষ্টি হোৱা বিক্ষিপ্ত পৰিস্থিতৰ বুজ লয় । ইয়াৰ ওপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ আইন-কানুনৰ দ্বায়িত্বৰ কথা উল্লেখ কৰি উচিত তদন্ত আৰু ভৱিষ্যতে এনে পৰিস্থিতি পুনৰ সৃষ্টি নোহোৱাৰ আশ্বাস দিয়ে বিশ্ববিখ্যাত অভিনেতা গৰাকীক ।