বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ দেহাৱসান; ৰাজ্যিক মৰ্যদাৰে হ'ব শেষকৃত্য

বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।
nipan goswami
nipan goswami

ডিজিটেল ডেস্ক: বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই। বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। মৃত্যুৰ সময়ত বয়স আছিল ৮০ বছৰ।

বিশিষ্ট অভিনেতা গৰাকীৰ ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য। লগতে চিকিৎসাৰ সমস্ত খৰচ বহন কৰিব চৰকাৰে। এই কথা জনাই মন্ত্ৰী অশোক সিংঘালে। অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্য়বাসীক।

কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। তেওঁৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক। বিগত কেইবাদিনৰ পৰা অসুস্থ হৈ আছিল অভিনেতা গৰাকী। অৱশ্যে প্ৰায় ২ দিন আগত স্বাস্থ্য কিছু সুস্থিৰ হৈছিল যদিও আজি পুৱা তেওঁ ইহলীলা সম্বৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in