জামুগুৰিহাটৰ প্রবীণ অভিনেতা ভোলা কটকীৰ দেহাৱসান...

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ প্রবীণ অভিনেতা ভোলা কটকীৰ দেহাৱসান...

actor death

ডিজিটেল ডেস্ক : প্রবীণ অভিনেতা ভোলা কটকীৰ দেহাৱসান। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিয়লি ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী।

Advertisment

মঞ্চ আৰু চলচ্চিত্রৰ শক্তিশালী অভিনেতা আছিল ভোলা কটকী। ‘অনিৰ্বাণ’, ‘জলাঞ্জলি’, ‘ৰাজা’ আদি কৰি কেইবাখনো ছবিত অভিনয় কৰিছিল কটকীয়ে। ভ্রাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল ভোলা কটকীয়ে।

অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুণমুগ্ধই।

assam assamese actor jamugurihat death