/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4e4cc114-0348-4f87-8cde-b8e9c2c71259/dispur_gherao.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১২ টা জনগোষ্ঠীৰ জনজাতি কৰণত অসমৰ ৬টা জনগোষ্ঠীক পুনৰ অৱহেলা কৰাৰ অভিযোগত আজি দিছপুৰ ঘেৰাও কৰিব জনগোষ্ঠী ঐক্য মঞ্চই । দিছপুৰৰ জনতা ভৱনৰ সন্মুখত এই ৬ টা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত একত্ৰিত হ'ব প্ৰতিবাদকাৰীসকল । অসম চুক্তিৰ ৬ নং দফাৰ নামত যোৱা ৮ বছৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগত জনগোষ্ঠী সমূহে হাতত লৈছে এই প্ৰতিবাদী কাৰ্যসূচী বুলি মন্তব্য কৰে জনগোষ্ঠী ঐক্য মঞ্চই ।
এই জনগোষ্ঠী ঐক্য মঞ্চৰ অন্তৰ্গত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ যুৱ ছাত্ৰ সন্মিলন, সদৌ টাই-আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু সদৌ কোচঁ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিভিন্ন নেতা- প্ৰতিনিধি ইতিমধ্যেই আহি উপস্থিত হৈছে ৰাজ্যখনৰ ৰাজধানীত । এই প্ৰতিবাদকাৰীসকলৰ দিছপুৰ ঘেৰাও প্ৰতিৰোধ কৰিবলৈ পৰিলক্ষিত হৈছে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান ।
উল্লেখ্য যে, যোৱা ২১ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল জনগোষ্ঠী ঐক্য মঞ্চৰ সৈতে । কিন্তু জনগোষ্ঠী ঐক্য মঞ্চই এই বৈঠক বাতিল কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জনগোষ্ঠীয় নেতা-কৰ্মী সকলে । আনহাতে, প্ৰাপ্ত খবৰ অনুসৰি উজনি অসমৰ পৰা আহিব লগীয়া নেতা-কৰ্মীসকলক ইতিমধ্যেই বিভিন্ন স্থানত বাধা দিছে আৰক্ষীয়ে ।