কোলাত সাতমহীয়া কেঁচুৱা লৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পৰিচালনা এ চি এছ বিষয়া লুকুমণি বৰাৰ

কোলাত সাতমহীয়া কেঁচুৱা লৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পৰিচালনা এ চি এছ বিষয়া লুকুমণি বৰাৰ

author-image
asomiyapratidin
New Update
কোলাত সাতমহীয়া কেঁচুৱা লৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পৰিচালনা এ চি এছ বিষয়া লুকুমণি বৰাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ:-কোলাত সাতমহীয়া কেঁচুৱা আৰু এহাতে মাইক্ৰ'ফোন…। স্বাধীনতা দিৱসৰ মজিয়াত কালি চাৰি ঘণ্টা সময় এনেদৰেই মঞ্চ পৰিচালনা কৰি দেশপ্ৰেম,কৰ্তব্য পৰায়নতা আৰু দায়িত্ববোধৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে গহপুৰৰ এগৰাকী এ ছি এচ বিষয়াই।

Advertisment

এক ইতিবাচক আৰু গঠনমূলক চিন্তা-চেতনাৰে উদ্ধূদ্ধ এই বিষয়া গৰাকীৰ নাম লুকুমণি বৰা।হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত লুকুমণি বৰাৰ বিশেষ উদ্যোগত কালি দ্বিতীয় বাৰৰ বাবে হেলেম ৰাজহ চক্ৰ কাৰ্যাসয়ৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস।

নিজৰ দায়িত্ব আৰু কৰ্তব্যক সদায় আগস্থান দি জনসাধাৰণৰ লগত এক সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন গঠমূলক পদক্ষেপ গ্ৰহণ কৰি অহা লুকুমনি বৰাই কালি এহাতে মাইক্ৰ'ফোন আৰু কোলাত পানী কেঁচুৱা লৈ যেনেকৈ কাৰ্যসূচী পৰিচালনা কৰিলে সেই দৃশ্যই সকলোকে আহ্লাদিত কৰি তুলিলে।

পুৱা ৮ বজাত ছহিদ তৰ্পনেৰে আৰম্ভ হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লুকুমণি বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে দেশপ্ৰেম মূলক নৃত্য গীতৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।বীৰাংগনা কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱা, ভতিজা বোৱাৰী পুতলী বৰুৱা আৰু ছহিদ মুকুন্দ কাকতিৰ ভতিজা ৰোহিনী কাকতীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত হেলেম ৰাজহ চক্ৰ এলেকাৰ ১৭ গৰাকী অৱসৰপ্ৰাপ্ত গাঁও প্ৰধান ক্ৰমে লোহিত ভূঞা, নন্দলাল চুৰাল,ছৱিৰাম নৰহ,লক্ষীকান্ত কটকী, বিষ্ণুলাল কৈৰালা, ফটিক কটকী, উমাকান্ত পায়েং,পৰমানন্দ ভূঞা, মেঘলাল শৰ্মা, ধন বাহাদুৰ প্ৰধান, ভক্ত বাহাদুৰ প্ৰধান, হৰেন্দ্ৰ দত্ত,ধৰ্মেশ্বৰ ভূঞা, চন্দ্ৰ কান্ত শইকীয়া,ত্ৰৈলোক্য মহন্ত,ৰমেশ নাথ আৰু ধৰ্মেশ্বৰ বৰুৱাক তেওঁলোকৰ কৰ্মময় জীৱনৰ স্বীকৃতি স্বৰূপে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে চক্ৰ বিষয়া লুকুমণি বৰাই।

অনুষ্ঠানটোত অসমৰ ভিতৰতে শ্ৰেষ্ঠ লাটমণ্ডল হিচাপে সন্মান লাভ কৰা মেঘনাথ কামানৰ লগতে শ্ৰেষ্ঠ গাঁও প্ৰধান হিচাপে ইন্দ্ৰেশ্বৰ ভৰালীক সম্বৰ্ধনা জনোৱা হয়।স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা লেখনি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত ৰবীন্দ্ৰ কাকতী(বৰানীপথাৰ),দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত ৰাজু গৌতম(গমিৰি) আৰু যুটীয়া ভাবে তৃতীয় পুৰস্কাৰ প্ৰাপ্ত নোমল বাচকোটা(বাকৰী দলনী) আৰু কৃপালী মহন্ত(ঘাঁহিগাঁও)ক পুৰস্কৃত কৰা হয়।

শিক্ষয়িত্ৰী মুনমী বৰা আৰু লাটমণ্ডল মুনীন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানটোত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী ক্ৰমে সুদৰ্শন নিৰলা(প্ৰথম),নয়নজ্যোতি ভূঞা(দ্বিতীয়),য়চিতা শৰ্মা(তৃতীয়) আৰু কুশল পোখ্ৰেল(তৃতীয়)ক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে বিক্ৰম দাস,বানী শৰ্মা আৰু নীৰকৃষ্ণাট্য দাসক উদ্গনীমূলক বঁটা প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা, শোভন চন্দ্ৰ শইকীয়া,শংকৰলাল আগৰৱালা, ৰাম বৰা,অধিবক্তা কংকনা বৰা,সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাকে ধৰি শতাধিক লোক উপস্থিত থাকে।উল্লেখযোগ্য যে অসম চৰকাৰৰ "মিছন বসুন্ধৰা" আঁচনি খন সফল ৰূপায়ন কৰি হেলেম ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ নাম সমগ্ৰ অসমতে জিলিকাই তুলিবলৈ সক্ষম হোৱা চক্ৰ বিষয়া লুকুমণি বৰাক কালি কাৰ্য্যলয়টোৰ সমূহ কৰ্মচাৰীয়ে এখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

আৰু পঢ়ক: পুনৰ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে কাশ্মীৰী পণ্ডিতক…

assam independence day