/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d2a21f14-8c58-4077-81e9-92d87817b41a/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ অসমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, সম্প্ৰতি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ডাঃ বেদাংগ তালুকদাৰ(৪৬)ৰ আকস্মিক দেহাৱসান। জানিব পৰা মতে তেওঁ বিগত কিছুদিন ধৰি যকৃতৰ ৰােগত ভুগি আছিল । সােমবাৰে নতুন দিল্লীত চিকিৎসাধীন অৱস্থাতে শেষ নিস্বাস ত্যাগ কৰে তালুকদাৰে।
নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে তেওঁ কমলপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, গােলাঘাট জিলাৰ অতিৰিক্ত সহায়ক আয়ুক্ত, তামুলপুৰৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তামুলপুৰ জিলাতো শোকৰ ছাঁ পৰে ৷ তালুকদাৰৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে বহুজনে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/64715e3e-0e43-4946-8965-3b6ceb1d0889/ae24149f_81d2_48ee_809b_30eacbe1b580.jpg)
পৰৱৰ্তী সময়ত নৱ গঠিত তামুলপুৰ জিলাখনৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি তামুলপুৰৰ সমাজ জীৱনত সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিবলৈ সক্ষম হৈছিল তেওঁ ৷ নতুন জিলাৰ আৰম্ভণিৰ কাম-কাজ নিয়াৰিকৈ কৰি দুগৰাকীকৈ আয়ুক্তৰ সৈতে তামুলপুৰৰ উন্ননয়নৰ ক্ষেত্ৰত তৎপৰতাৰে কাম কৰে গৈছিল ৷ বিষয়াগৰাকীৰ অকাল বিয়োগত তামুলপুৰবাসী মৰ্মাহত হৈ পৰে ৷
তেখেতৰ মৃত্যুত তামুলপুৰ জিলাৰ আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ আন আন বিষয়া কৰ্মচাৰীসকলে আয়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে ১মিনিট সময় মৌনতা অৱলম্বন কৰি শোক প্ৰকাশ কৰে ৷ লগতে শোক সন্তপ্তপৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই তালুকদাৰৰ কৰ্মৰাজীৰ চমু আলোচনা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/89dad3e4-0843-4950-828a-90a5aae01a28/d6110025_85e8_4427_9860_62009fef73fe.jpg)
তেখেতৰ মৃত্যুত তামুলপুৰ প্ৰেছ ক্লাব, তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদ, জিলা হাইস্কুল শিক্ষক সন্থা জিলা অধিবিদ্যা পৰিষদকে ধৰি আছু, আৰছু, এবছু আক্ৰাছু, শৰণীয়া কছাৰী ছাত্ৰ সন্থাক তথা তামুলপুৰৰ ভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ৷ বিষয়াগৰাকীৰ অকাল বিয়োগত বি টি আৰৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক জলেন দৈমাৰী, এম চি এল এৰ কাৰ্যবাহী সদস্যসকলেও শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্তপৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
Also Read: কভিড-১৯তকৈয়ো অধিক ভয়াৱহ ভাইৰাছে পুনৰ সৃষ্টি কৰিব আতংক !