/asomiyapratidin/media/media_files/2024/12/08/kAusQHMB1OoXN6Ct8D4Q.jpeg)
ডিজিটেল ডেস্কঃ ‘সাদিন প্ৰতিদিন’ গোষ্ঠীৰ মুঠ চাৰিগৰাকী সংবাদ কৰ্মীলৈ এইবাৰ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ সংবাদ কৰ্মীৰ বঁটা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা এচিভাৰ এৱাৰ্ড-২০২৪ ত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই চাৰিওগৰাকী সংবাদকৰ্মীকে এই বঁটা প্ৰদান কৰে।
অসমীয়া প্ৰতিদিন তথা ৰাজ্যৰে এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয় আৰু ডুমডুমাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক মনোজ দত্তৰ লগতে প্ৰতিদিন টাইমৰ গোলাঘাটৰ সাংবাদিক মোস্তাক হুছেইন, কাৰিকৰী শাখাত প্ৰতিদিন টাইমৰ গ্ৰাফিক্স ডিজাইনাৰ দেৱৰাজ বৰঠাকুৰক এই বঁটা প্ৰদান কৰা হৈছে।
নব্বৈৰ দশকৰ অসমৰ জটিল সন্ধিক্ষণতে ফটো সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰিছিল চিন্ময় ৰয়ে। প্ৰথমে ১৯৯৩ চনত নগাঁৱৰ পৰা ফটো সাংবাদিকতা আৰম্ভ কৰা ৰয় পৰৱৰ্তী সময়ত ১৯৯৪/৯৫ ত গুৱাহাটীলৈ আহে।
অসমীয়া প্ৰতিদিনৰ সৈতে জন্ম লগ্নৰে পৰা জড়িত চিন্ময় ৰয় অসমীয়া প্ৰতিদিনৰ গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ আৰু বঙাইগাওঁ এই চাৰিওটা সংস্কৰণৰে জন্মৰ সময়ৰো অন্যতম সাক্ষী।
অসমীয়া প্ৰতিদিনৰ ডুমডুমাৰ সাংবাদিক মনোজ দত্তও অসমীয়া প্ৰতিদিনৰ সৈতে জন্মলগ্নৰে পৰা জড়িত। প্ৰথমে ‘সাদিন’ত এৰা-ধৰাকৈ বিভিন্ন প্ৰবন্ধ, নিবন্ধ লিখাৰ পাছত ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সান্নিধ্যলৈ আহে।
১৯৯৫ চনৰ পৰা মোস্তাক হুছেইনে অসমীয়া প্ৰতিদিনলৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা সেৱা আগবঢ়াই আহিছে। প্ৰতিদিন টাইমৰ সাংবাদিক মোস্তাক হুছেইনো দীৰ্ঘদিন ধৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ সৈতে জড়িত।
২০০৭ চনৰ পৰাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই অহা মোস্তাক হুছেইনে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ পৰা সেৱা আগবঢ়াই আহিছে। তেওঁ প্ৰতিদিন টাইমৰ লগতে অসমীয়া প্ৰতিদিন কাকততো এৰা-ধৰাকৈ সংবাদ পৰিবেশন কৰি আহিছে।
প্ৰতিদিন টাইমৰ গ্ৰাফিক্স ডিজাইনাৰ দেৱৰাজ বৰঠাকুৰে ২০১৩ চনৰ পৰা প্ৰতিদিন টাইমত সেৱা আগবঢ়াই আছে। ১৯৯৭ চনতে সংবাদ ক্ষেত্ৰখনত প্ৰৱেশ কৰা দেৱৰাজ বৰঠাকুৰ বৰ্তমান অসমৰ সংবাদ জগতৰ এগৰাকী জ্যেষ্ঠ আৰু বহুল চৰ্চিত গ্ৰাফিক্স ডিজাইনাৰ হিচাপে পৰিচিত।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ আধ্যাত্মিক, সমাজ, সংস্কৃতি, শিক্ষা, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ লগতে ভিন্ন দল, সংগঠনৰ নেতৃত্বাস্থানীয় লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই এছিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠানত বঁটা প্ৰাপক চাৰিওগৰাকী সাংবাদিক, সংবাদকৰ্মীক ফুলাম গামোচা আৰু একোটাকৈ স্মাৰকৰ জৰিয়তে এই সন্মান প্ৰদান কৰা হয়।