এচিভাৰ এৱাৰ্ডছ-২০২৪ঃ ভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বহু জনলৈ সন্মান...

সাদিন প্ৰতিদিন গোষ্ঠীৰএচিভাৰ এৱাৰ্ড অনুষ্ঠান এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ সূত্ৰে এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠান। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
2

ডিজিটেল ডেস্কঃ সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এচিভাৰ এৱাৰ্ড অনুষ্ঠান এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেই সূত্ৰেই এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠান। 

Advertisment

এইবাৰো সাদিন-প্ৰতিদিন গোষ্ঠীয়ে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে দুটাকৈ সংস্থাক এচিভাৰ এৱাৰ্ডেৰে সন্মানিত কৰে। কলা, সংস্কৃতি, সাহিত্য, সংবাদ, ক্ৰীড়া, বিজ্ঞান, বাণিজ্য, প্ৰকৃতি সুৰক্ষা, মানৱ কল্যাণকে ধৰি একাধিক ক্ষেত্ৰত দক্ষতাৰে কাম কৰি অহা এইসকল ব্যক্তিৰ লগতে  সংস্থাক আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এচিভাৰ এৱাৰ্ড প্ৰদান কৰে। 

ড০ নগেন শইকীয়ালৈ জীৱনজোৰা সাধনাৰ বঁটা

অসমীয়া সমাজ জীৱন অন্যতম পুৰোধা ড০ নগেন শইকীয়া। এহাতে যিদৰে তেওঁ সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে, ঠিক সেইদৰেই শিক্ষাবিদ হিচাপেও চিৰনমস্য হৈ ৰৈছে।

সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেওঁ যিদৰে অৱদান আগবঢ়াইছে সেইদৰেই সমালোচক হিচাপেও যশস্যা অৰ্জন কৰিছে। ৰাজনৈতিক ক্ষেত্ৰখনতো তেওঁৰ অৱদান। ২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপকৰূপে অৱসৰ গ্রহণ কৰা ড০ নগেন শইকীয়াৰ সুবিশাল কর্মৰাজিয়ে চহকী কৰিছে অসমীয়া ভাষা সাহিত্য, সংস্কৃতি, সমাজ আৰু ৰাজনীতিৰ বৰঘৰ।

মিতভাষৰ স্রষ্টা, অসম সাহিত্য সভাৰ দুটা কার্যকালৰ সভাপতি, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা বিজয়ী ড০ শইকীয়া বৰ্তমান অসমীয়া জাতিৰ অন্যতম অভিভাৱক স্বৰূপ ড০ নগেন শইকীয়াক এইবাৰ প্ৰদান কৰা হৈছে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটা। 

ড০ নগেন শইকীয়ালৈ জীৱনজোৰা সাধনাৰ বঁটা

হাইদৰ হুছেইনলৈ সাদিন বঁটা

আনহাতে অসমৰ সংবাদ জগতলৈ অনবদ্য অবদান আগবঢ়োৱা হাইদৰ হুছেইনক এই অনুষ্ঠানত প্ৰদান কৰা হয় সাদিন বঁটা। প্ৰবীণ সাংবাদিকবুদ্ধিজীৱি হাইদৰ হুছেইন বহু বিশিষ্ট গুণৰ অধিকাৰী

তেওঁ যোৱা ৫ টা দশকৰো অধিক কাল অসমৰ ৰাজনৈতিক, সামাজিক বিষয়ৰ ওপৰত নিজৰ কলম আৰু উদ্দাত্ত কণ্ঠৰে আপোচবিহীনস্থিতি গ্ৰহণ কৰি আহিছে। এসময়ত অসমীয়া প্ৰতিদিনৰো সম্পাদকৰ দায়িত্ব পালন কৰা হাইদৰ হুছেইন কণ্ঠস্থ অসমৰ জনগাঁথনি, অসমৰ প্ৰতিটো ক্ষেত্ৰ, প্ৰতিটো দিশ তথা  প্ৰতিটো উপকৰণেই।

হাইদৰ হুছেইনলৈ সাদিন বঁটা

ছবি জগতত নতুন ইতিহাস ৰচনা কৰা টিম ‘বিদুৰভাই’লৈ জুৰিৰ বিশেষ সন্মান

কোভিডসৃষ্ট পৰিৱেশৰ মাজতে গোলাঘাট জিলাৰ একাংশ নাটক বলীয়া যুৱক-যুৱতীৰ প্ৰচেষ্টাত প্ৰথমে ৱেব ছিৰিজ হিচাপে মুক্তি পাইছিল ‘বিদুৰভাই’। ৱেব ছিৰিজ হিচাপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰাৰ পিছত ২০২৪ বৰ্ষত সুব্রত কাকতিৰ পৰিচালনাৰে ‘বিদুৰভাই’ পূৰ্ণ দৈৰ্ঘ্যৰ ছবি হিচাপে মুক্তি লাভ কৰি অসমীয়া ছবি জগতত ৰচনা কৰিলে নতুন ইতিহাস। সেয়ে টিম ‘বিদুৰভাই’লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ জুৰিৰ বিশেষ সন্মান। 

ছবি জগতত নতুন ইতিহাস ৰচনা কৰা টিম ‘বিদুৰভাই’লৈ জুৰিৰ বিশেষ সন্মান


অৰ্জুন নয়নমণি শইকীয়ালৈ Excellence in Sports Award সন্মান


২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছৰ লন বলত স্বৰ্ণ জয়েৰে ইতিহাস গঢ়িছিল নয়নমণি শইকীয়াই। তেওঁৰ এই সফলতাৰ বাবেই সেই একে বছৰতে দেশৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়াইছিল ‘অৰ্জুন’ সন্মান।  কেৰিয়াৰ এই পৰ্যন্ত ১০ টাতকৈও অধিক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে এইবাৰৰ Excellence in Sports Award।

অৰ্জুন নয়নমণি শইকীয়ালৈ Excellence in Sports Award সন্মান

জীৱন আৰু স্বাস্থ্য বীমা বিশেষজ্ঞ ডাঃ কুমুদ বৰদলৈ লৈ Corporate Excellence Award সন্মান

 

দুটা দশকৰো অধিক সময় জীৱন আৰু স্বাস্থ্য বীমা খণ্ডৰে জড়িত, ভাৰত, ছিংগাপুৰ, হংকঙৰ RE Insurance কোম্পানীৰ উচ্চ পদত কাৰ্য নিৰ্বাহৰ অভিজ্ঞাৰে পুষ্ট ডাঃ কুমুদ বৰদলৈ। বৰ্তমান হংকঙৰ 'পিকৰে' নামৰ সংস্থাটোৰ Accident & Health Underwriting ৰ মুৰব্বী হিচাপে কৰ্মৰত ডাঃ কুমুদ বৰদলৈলৈ আগবঢ়োৱা হৈছে Corporate Excellence Award।

জীৱন আৰু স্বাস্থ্য বীমা বিশেষজ্ঞ ডাঃ কুমুদ বৰদলৈ লৈ Corporate Excellence Award সন্মান

 

হাছিনা খাৰ্বিহলৈ Excellence in Social Service সন্মান


সমাজ, মানৱ সেৱাৰ নামত জীৱনক উছর্গা কৰা অৰুণাচল প্ৰদেশৰ সাহসী মহিলা হাছিনা খার্বিহ। এইগৰাকী বিদুষী মহিলালৈ আগবঢ়োৱা হৈছে Excellence in Social Service সন্মান। Impules NGO Network ৰ জৰিয়তে হাছিনা খার্বিহে বিশ্বজুৰি হৈ থকা মানৱ সৰবৰাহৰ বিৰুদ্ধে থিয় দিছে সাহসেৰে। 

হাছিনা খাৰ্বিহলৈ Excellence in Social Service সন্মান

প্ৰদূষণমুক্ত নদী আৰু প্ৰকৃতি সংৰক্ষণকাৰী সংস্থা Youth Mission Clean River লৈ Excellence in Environment Conservation সন্মান

 

প্ৰদূষণমুক্ত নদী, প্ৰকৃতি সংৰক্ষণৰ নামত উছৰ্গিত অৰুণাচলৰ Youth Mission Clean River নামৰ সংস্থাটো।  অধিবক্তা এছ লোডাৰ নেতৃত্বত ২০১৬ চনত অৰুণাচল প্রদেশত আৰম্ভ হৈছিল Youth Mission Clean River।

জলবায়ু পৰিবৰ্তন, প্ৰকৃতিলৈ অহা ভাবুকিৰ সময়তে প্ৰকৃতি সংৰক্ষণৰ বাবে কৰি অহা কামৰ বাবে এই সংস্থালৈ আগবঢ়োৱা হৈছে Excellence in Environment Conservation সন্মান।

প্ৰদূষণমুক্ত নদী আৰু প্ৰকৃতি সংৰক্ষণকাৰী সংস্থা Youth Mission Clean River লৈ Excellence in Environment Conservation সন্মান

বিশিষ্ট উদ্যোগী, অন্নপূর্ণা গ্ৰুপৰ স্বত্বাধিকাৰী সুবিৰ ঘোষলৈ Excellence in Business Award সন্মান

 

বিশিষ্ট উদ্যোগী তথা অন্নপূর্ণা গ্ৰুপৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক সুবিৰ ঘোষলৈ আগবঢ়োৱা হৈছে এইবাৰৰ Excellence in Business Award। সুবিৰ ঘোষ বর্তমান উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথম শাৰীৰ দুগ্ধ ব্যৱসায়ী। অন্নপূর্ণা গ্ৰুপে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ৰাজধানীসমূহৰ লগতে পশ্চিমবংগৰো বিভিন্ন স্থানত সফল প্ৰসাৰতা লাভ কৰিছে। 

বিশিষ্ট উদ্যোগী, অন্নপূর্ণা গ্ৰুপৰ স্বত্বাধিকাৰী সুবিৰ ঘোষলৈ Excellence in Business Award সন্মান

 

প্রখ্যাত শল্য চিকিৎসক ডাঃ সর্বেশ্বৰ ভূঞালৈ Achiever- Excellence in Health Care Award সন্মান

 

শল্য চিকিৎসাৰ সৈতে জড়িত ডাঃ সর্বেশ্বৰ ভূঞাই ইতিমধ্যে চিকিৎসা সেৱাৰ মাধ্যমেৰে জনমানসত গঢ়ি তুলিছে সুকিয়া স্থান। সৰ্বস্তৰৰ লোকে সহজতে ঢুকি পাব পৰা ডাঃ ভূঞাৰ ওচৰত চিকিৎসা গ্রহণৰ ক্ষেত্ৰত কোনো ৰোগীৰ ক্ষেত্ৰতে আর্থিক সমস্যা কেতিয়াও বাধাৰ কাৰণ হৈ উঠা নাই।মানৱ দৰদী এইগৰাকী চিকিৎসকে আগবঢ়োৱা সেৱাৰ বাবেই তেওঁলকৈ আগবঢ়োৱা হৈছে Achiever- Excellence in Health Care Award।

প্রখ্যাত শল্য চিকিৎসক ডাঃ সর্বেশ্বৰ ভূঞালৈ Achiever- Excellence in Health Care Award সন্মান

আন্তর্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ মুকুট গোহাঁয়লৈ Excellence in Science & Innovation Award সন্মান


ড০ মুকুট গোহাঁয় চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত সমগ্র বিশ্বতে চর্চিত হৈ পৰিছিল। মূত্রাশয়ৰ জটিল সংক্রমণৰ লগতে নিউমনিয়াৰ দৰে বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাৰ বাবে ইতিমধ্যে উদ্ভাৱন কৰা 'এনমেনজোবেক্টাম' নামৰ এন্টিবায়টিকবিধক ফেব্ৰুৱাৰী মাহতে অনুমোদন জনাইছিল আমেৰিকাৰ Food & Drugs Administration -এ।

ভাৰতীয় এদল বিজ্ঞানীৰ দ্বাৰা উদ্ভাবন কৰা এই জীৱনদায়িনী ঔষধবিধৰ অন্যতম উদ্ভাৱক অসমীয়া গৱেষক ড০ মুকুট গোহাঁই। সেয়ে তেওঁলৈ আগবঢ়োৱা হৈছে Excellence in Science & Innovation Award। 

আন্তর্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ মুকুট গোহাঁয়লৈ Excellence in Science & Innovation Award সন্মান

বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ, গীতিকাৰ চৈয়দ ছাদুল্লালৈ Achiever Music Award সন্মান

 

বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ, গীতিকাৰ, গীটাৰ বাদক আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া চৈয়দ ছাদুল্লা। যাদুকৰী কণ্ঠৰ গৰাকী চৈয়দ ছাদুল্লাৰ কণ্ঠই যোৱা কেইবাটাও দশক ধৰি শ্রোতাক নষ্টালজিক কৰি ৰাখিছে।

ঘোষক, গীটাৰ বাদক, সুৰকাৰ-গীতিকাৰ, নাট্যকাৰ, নাট প্রযোজক, অভিনেতা হিচাপে নিৰৱচ্ছিন্নভাবে কাম কৰাৰ পাছতো স্তব্ধ হৈ ৰোৱা নাই এইগৰাকী বৰ্ষীয়ান শিল্পী। যাদুকৰী কণ্ঠেৰে অসমীয়া ৰাইজক মুগ্ধ কৰি অহা চৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে Achiever Music Award। 

বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ, গীতিকাৰ চৈয়দ ছাদুল্লালৈ Achiever Music Award সন্মান

বিশিষ্ট চিত্রশিল্পী ছালেহা আহমেদলৈ Excellence in Art  সম্মান

 

ৰং-তুলিকাৰে কল্পনা আৰু বাস্তৱৰ কাহিনী সজোৱা চিত্রশিল্পী ছালেহা আহমেদে চিত্র ভাস্কর্যৰে জগত জিনাৰ পথত খোজ দিছিল। শান্তি নিকেতনত ভাস্কর্য কলাৰ শিক্ষা গ্রহণ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা ছালেহা আহমেদ।

চিত্র, ভাস্কর্যৰে জগত জিনিব খোজা ছালেহা আহমেদে কলাৰ পৃথিৱীখনত লাভ কৰিছে সুকীয়া আৰু এখন নিগাজী আসন। আজীৱন চিত্র-ভাস্কৰ্যৰ সাধনাত ব্রতী হৈ থকা চিত্রশিল্পীলৈ আগবঢ়োৱা হৈছে ২০২৪ বর্ষৰ Excellence in Art সম্মান।

 

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ Achiever- Excellence in Cultural Award সন্মান

 

অসমীয়া ছবিগতৰ অন্যতম মহীৰূহ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া। অনবদ্য আৰু মনপৰশা অভিনয়েৰে যোৱা কেইবাটাও দশক ধৰি অসমবাসীৰ মন-মগজু পুলকিত কৰি ৰখা বিষ্ণু খাৰঘৰীয়া সাংস্কৃতিক জগতৰ প্রাতঃস্মৰণীয় ব্যক্তিত্ব।

মাত্ৰ ১০ বছৰ বয়সতে অভিনয় যাত্রা আৰম্ভ কৰা খাৰঘৰীয়াই চাৰি কুৰি বছৰ অতিক্ৰম কৰিছে। অথচ আজিও মঞ্চ আৰু ৰূপালী পৰ্দাত তেওঁ হৈ আছে চিৰতৰুণ।

১৯৭১ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৬১ খন ছবিত কালজয়ী অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়াই। এইগৰাকী স্বনামধন্য অভিনেতালৈ আগবঢ়োৱা হৈছে Achiever- Excellence in Cultural Award। 

Achiever- Excellence in Cultural Award। 

 

'এচিভাৰ এৱাৰ্ডছ' ডিব্ৰুগড় বিশ্ববিদ্যালয়