/asomiyapratidin/media/media_files/2024/12/08/f7TpRqER30Td4gAOtGvH.jpg)
ডিজিটেল ডেস্কঃ 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ কথা আমি সকলোৱে জানো। সংবাদ গোষ্ঠীটোৱে নিৰ্ভীকতাৰে একাগ্ৰতাৰে, দৃঢ়তাৰে জনতাৰ কণ্ঠক প্ৰতিনিধিত্ব কৰি আহিছে।' ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হোৱা এচিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে।
অনুষ্ঠানত সোণোৱালৰ জীৱনৰ ওপৰত আধাৰিত এক তথ্য চিত্ৰ দৃশ্য-শ্ৰব্য মাধ্যমেৰে উপস্থান কৰা হয়। এই দৃশ্য শ্ৰব্য উপভোগ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, এই সভাত মোৰ বিষয়ে যিবোৰ কথা কোৱা হ'ল সেয়া প্ৰত্যক্ষ কৰি অত্যন্ত ভক্তি ভাৱেৰে আৱেদন জনাও যে, সকলো সময়তে আপোনালোকে যেনেধৰণে ডাঙৰ দীঘল কৰিছে তেনেধৰণে সদায় এই অভাজনৰ প্ৰতি আপোনালোকৰ মৰম স্নেহ অটুট ৰাখে।
তেওঁ কয়, এটা সাধাৰণ বানবিধ্বস্ত খেতিয়ক পৰিয়ালৰ সন্তান হিচাপে অসমৰ জনসাধাৰণৰ যি মৰম পাইছো সেয়া পাহৰিব নোৱাৰো। আজি মোৰ যি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পৰিচয়, সেই পৰিচয়ত আপোনালোকৰ অৱদান আছে। এয়া আপোনালোকে দিয়া পৰিচয়। সেয়ে অসমৰ জনগণৰ ওচৰত মই চিৰ কৃতজ্ঞ।
তেওঁ পুনৰ কয়, যুগৰ পৰিবৰ্তন হৈছে। আমি সকোলোৱে দেখিছো। মই আজি বিশ্বাস কৰো যে, উঠি অহা প্ৰজন্মই সমাজে সন্মুখীন হোৱা প্ৰত্যাহ্বান ইতিবাচক দৃষ্টিভংগীৰে মূল্যাংকন কৰিব। যুক্তিসংগতভাৱে সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলাগিব আৰু ঐক্যবদ্ধভাৱে ইয়াৰ সমাধানৰ পথ বিচাৰিব লাগিব।
সমস্যা দেখি হতাশ নহ'ব। সমস্যাৰ মাজতে সমাধান সূত্ৰ লুকাই থাকে। অসমক ভাৰতৰ এখন শ্ৰেষ্ঠ সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আজি অসমৰ সন্তান বিশ্বত জিলিকি উঠিছে। আমি ভাবিব নালাগে আমি ভাৰতৰ এটা চুকত বাস কৰো। এতিয়া পৃথিৱী তেনে পৰ্যায়ত নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও সীমাৰ গাওঁসমূহক শেষৰ গাওঁ বুলি অভিহিত কৰাৰ পৰিবৰ্তে। প্ৰথম গাওঁ হিচাপেহে অভিহিত কৰিবলৈ আহ্বান জনাইছে।
তেওঁ আৰু কয়, আমাৰ মহান মনীষীসকলে তেওঁলোকৰ জীৱনৰ সাধনাৰ অন্তত যি অমৰ সৃষ্টি কৰি গৈছে, যি মূল্যোবধৰ জ্ঞান দি গৈছে সেয়াই হৈছে আমাৰ আটাইটতৈ ডাঙৰ অস্ত্ৰ। এই অস্ত্ৰলৈয়ে আমি বিশ্ব জয় কৰিবলৈ ঢাপলি মেলিব লাগিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ কথাও উল্লেখ কৰে। তেওঁ কয়, হেমকোষ ব্ৰেইলৰ বাবে জয়ন্ত বৰুৱা ডাঙৰীয়াই যি উদ্যোগ ল'লে তাৰ জৰিয়তে ডাঙৰ মানৱীয় চেতনা সমাজত জগাই তুলিলে।
আমি প্ৰতিগৰাকী মানুহৰ প্ৰতি সদায় দায়িুত্বশীল হ'ব লাগে। মানুহে মানুহৰ বাবে দৃষ্টি ভংগীৰে কাম কৰাৰ বাবে জয়ন্ত বৰুৱাক অসমৰ ৰাইজে বিশেষ স্বীকৃতি প্ৰদান কৰিলে। তেওঁক উদাহৰণ হিচাপে লৈ বহুতেই কাম কৰাৰ প্ৰেৰণা পাইছে।
তেওঁ প্ৰশংসাতকৈ সমালোচনা ভাল পোৱাৰ কথা উল্লেখ কৰি কয়, এটা কথা স্পষ্ট মই সদায় প্ৰশংসা ভয় কৰো, সমালোচনা ভাল পাওঁ। সদায় কৈআহিছো, মনে প্ৰাণে বিচাৰো যিমানেই মোৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিব মই সিমানেই সক্ৰিয় আৰু সতেজ হম।
প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা উল্লেখ কৰি ভাষণত তেওঁ আৰু কয়, আপোনালেকে উত্তৰ পূৰ্বাঞ্চলৰ আগৰ অৱস্থা আৰু এতিয়াৰ অৱস্থা নিৰপেক্ষভাৱে পৰ্যালোচনা কৰিব লাগিব। যোৱা ১০ বছৰে যি উন্নয়ন হৈছে সেয়া বিশেষভাৱে পৰ্যালোচনা কৰা উচিত।
সফলতাৰ যিমানেই জয়গান কৰিব সিমানেই উজলি উঠিব। গুণানুকীৰ্তন অত্যন্ত জৰুৰী। সোণ যদি নোপোৰে তেন্তে সোণ কেতিয়াও জিলিকি নুঠে। যোৱা ১০ বছৰৰ উত্তৰ পূৰ্বাঞ্চলৰ সফলতাৰ দিশসমূহ পৰ্যালোচনা কৰিব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ পৰিবৰ্তন হৈছে, ভাৰতৰ বুকুত, বিশ্বৰ বুকুত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শনৰ বাবে আগবাঢ়িছে। তাৰ গুণানুকীৰ্তন হ'ব লাগিব। ভাষণত তেওঁ আৰু কয়, এতিয়া উত্তৰ পূৰ্বাঞ্চলক জনাৰ আগ্ৰহ, স্পৃহা ভাৰত, বিশ্বৰ লোকসকলৰ বৃদ্ধি পাইছে।
ইফালে অনুষ্ঠানৰ আন এগৰাকী মুখ্য অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই তেওঁৰ ভাষণত কয়, যিকোনো সংবাদ মাধ্যমেই বাতৰিৰ অহৰহ প্ৰাপ্তিৰ বাবে কিছুমান উৎসৰ আশ্ৰয় ল'ব লগা হয়। কিন্তু সেই তথ্যৰ উৎষৰ বিশ্লেষণ কৰিব পাৰে। আমি প্ৰতিদিন গোষ্ঠীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ প্ৰতিদিন গোষ্ঠীৰ এই তথ্যৰ কৰ্ষণ অতি নিৰপেক্ষ আৰু গভীৰ।
তেওঁ পুনৰ কয়, সত্য আৰু শুদ্ধভাৱে নিৰ্ভীক সাংবাদিকৰ কথা ক'লেও বাস্তৱ ক্ষেত্ৰত তাৰ প্ৰতিফলন বহু প্ৰত্যাহ্বানমূলক। সেই প্ৰত্যাহ্বানক অতিক্ৰম কৰি ভালক ভাল বুলি, বেয়াক বেয়া বুলি কোৱৰ সাহস অটুট ৰাখিছে সাদিন প্ৰতিদিন গোষ্ঠীয়ে। তাৰোপৰি তেওঁ সাদিন প্ৰতিদিন গোষ্ঠীৰ এই স্বৰণীল যাত্ৰা অব্যাহত ৰখাৰো আশা কৰে।
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হোৱা এচিভাৰ এৱাৰ্ড অনুষ্ঠানত মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাজনো বিধায়ক, কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, বুদ্ধিজীৱি, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, দল, সংগঠনৰ নেতৃত্ব, সমাজৰ ভিন্ন শ্ৰেণীৰ নাগৰিকৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অন্যান্য শিক্ষানুষ্ঠানৰ বহু শিক্ষাৰ্থী।