আৰম্ভ হ'ল 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠান...

অসমৰ সংবাদ জগতৰ আস্থা আৰু বিশ্বাৰ অন্যতম প্ৰতীক ‘সাদিন প্ৰতিদিন গোষ্ঠী’। কেৱল খবৰ বিতৰণেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক ক্ষেত্ৰৰ এক অগ্ৰণী অনুষ্ঠান হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ‘সাদিন প্ৰতিদিন গোষ্ঠী’।  

author-image
Tushar Pratim
New Update
আৰম্ভ হ'ল 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠান...

ডিজিটেল ডেস্কঃ অসমৰ সংবাদ জগতৰ আস্থা আৰু বিশ্বাৰ অন্যতম প্ৰতীক সাদিন প্ৰতিদিন গোষ্ঠী। কেৱল খবৰ বিতৰণেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক ক্ষেত্ৰৰ এক অগ্ৰণী অনুষ্ঠান হিচাপে ইতিমধ্যে পৰিগণিত হৈছে সাদিন প্ৰতিদিন গোষ্ঠী 

Advertisment

বিগত ১০ বছৰে সাদিন প্ৰতিদিন গোষ্ঠি’-এ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিল্প, সাহিত্য, কলা, সংস্কৃতি, বিজ্ঞান, বাণিজ্য, ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ বৰেণ্য অবদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকল প্ৰদান কৰি আহিছে এচিভাৰ এৱাৰ্ড।  অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে ৰূপালী জয়ন্তী বৰ্ষত খোজ দিয়াৰ এই মহেন্দ্ৰ ক্ষণতে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে এচিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠান।

আৰম্ভ হ'ল 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠান...

কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠান বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰা হৈছে। সমাজ সংস্কাৰক, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা, সাদিন-প্ৰতিদিন গোষ্ঠীৰ লগতে অসমৰ সংবাদ জগতৰে পিতামহ স্বৰূপ তিলক হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে সাদিন আৰু সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। গণেশ বন্দনা পৰিবেশন কৰে অজন্তা গোস্বামীয়ে।

তাৰোপৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ এই তিনিও স্তম্ভৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাক ফুলাম গামোচা, চেলেং, শৰাইৰে সম্বৰ্ধনা জনাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই।

অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পঞ্জীয়ক ড০ পৰামানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক ফুলাম গামোচা আৰু শৰাইৰে আদৰণি জনায়। 

উল্লেখ্যে, এই এচিভাৰ এৱাৰ্ড অনুষ্ঠানতে সমাজৰ ভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বহু কেইজন বৰেণ্য ব্যক্তিক আজিৰ এই অনুষ্ঠানত এচিভাৰ এৱাৰ্ড সন্মান প্ৰদান কৰা হব। অনুষ্ঠানত উপস্থিত আছে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাবিদ, মন্ত্ৰী, বিধায়ক, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন, জাতিয় সংগঠন, জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগতে ভিন্ন জিলাৰ একাধিক সংবাদ কৰ্মী আৰু ভিন্ন শ্ৰেণীৰ লোক।

 

'এচিভাৰ এৱাৰ্ডছ' ডিব্ৰুগড় বিশ্ববিদ্যালয়