পূৱ নলবাৰীত গছৰ তলত শৈক্ষিক সভা: ১০০% ফলাফল লাভৰ প্ৰচেষ্টা…

পূৱ নলবাৰীত গছৰ তলত শৈক্ষিক সভা: ১০০% ফলাফল লাভৰ প্ৰচেষ্টা…

author-image
asomiyapratidin
New Update
পূৱ নলবাৰীত গছৰ তলত শৈক্ষিক সভা: ১০০% ফলাফল লাভৰ প্ৰচেষ্টা…

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰী জিলাৰ পূব নলবাৰী বিদ্যামন্দিৰ হাইস্কুল প্ৰাঙ্গনৰ বৃহৎ বটগছৰ তলত শুকুৰবাৰে দিনৰ এঘাৰ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ধনেশ্বৰ দাসৰ সভাপতিত্বত বিদ্যালয় খনৰ আগত দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০%ফলাফল লাভ কৰাৰ প্ৰচেষ্টাৰ বাবে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক সভা অনুষ্ঠিত হয়।

Advertisment

প্ৰধান শিক্ষক গজেন দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিদ্যালয়খনে আগত দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে এখন আদৰ্শ বিদ্যালয় হিচাবে গঢ়নৰ স্বাৰ্থত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, উপ-সভাপতি, বিদ্যালয় প্ৰধান , শিক্ষক সকল, আৰু অভিভাৱক সকলৰ কৰনীয়ৰ বিষয়ত ব্যাখ্যা ৰাখি কৃতি শিক্ষক ৰমনী বৰ্মনে শৈক্ষিক দিশত সমবেত সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বহলাই আলোচনা কৰে।

বিদ্যালয়ৰ শিক্ষাদানৰ নিৰ্ধাৰিত সময় ছোৱাত প্ৰতিটো ক্ষন শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অতিবাহিত কৰাৰ উপৰিও অভিভাৱক শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ যোৱা,সপ্তাহৰ শৈক্ষিক দিনলিপি প্ৰধান শিক্ষকৰ লগত পৰ্যালোচনা কৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, উপ-সভাপতিয়ে শৈক্ষিক ক্ষেত্ৰত আলোচনা কৰা আদি বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। এনে শৈক্ষিক অনুষ্ঠান উদ্বোধন কৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৃৰস্কাৰপ্ৰাপ্ত শিক্ষক সন্মিলনৰ ৰাজ্যিক সম্পাদক জ্যোতিষ ভূঞাই সমবেত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱক সকলক এইখন আদৰ্শ বিদ্যালয় হিচাবে গঢ়ি তোলা যৌথ প্ৰচেষ্টাৰ আহ্বান জনায়।

সন্মিলনৰ অন্যতম সদস্য কৃতি শিক্ষক মহেশ বাৰ্মাই ছাত্ৰ-ছাত্ৰী সকলৰ শ্ৰেনীপাঠ লৈ গনিত বিষয়ৰ কিছুমান গুৰূত্বপূৰ্ন দিশ বুজাই দিয়ে। বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰনব বুজৰবৰুৱাই আলোচিত গুৰুত্বপূৰ্ণ দিশবোৰ বিদ্যালয়ত ৰূপায়ন কৰিলে সূফল নিশ্চিত বুলি কয়। আলোচনাত শিক্ষক, অভিভাৱক সকলে নিজৰ নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে।

আৰু পঢ়ক: পুৰনিগুদামৰ হেম কান্ত কলিতাৰ মৃত্যু

assam nalbari