মাতৃ ভাষাকলৈ ভাবুকি সৃষ্টি কৰা অসম চৰকাৰৰ সিদ্ধান্তক এ.বি.ভি.পিৰ তীব্ৰ সমালোচনা…

মাতৃ ভাষাকলৈ ভাবুকি সৃষ্টি কৰা অসম চৰকাৰৰ সিদ্ধান্তক এ.বি.ভি.পিৰ তীব্ৰ সমালোচনা…

author-image
asomiyapratidin
New Update
মাতৃ ভাষাকলৈ ভাবুকি সৃষ্টি কৰা অসম চৰকাৰৰ সিদ্ধান্তক এ.বি.ভি.পিৰ তীব্ৰ সমালোচনা…

ডিজিটেল ডেস্ক : "প্ৰাথমিক শিক্ষা নীতিক অৱমাননা অসম চৰকাৰৰ। প্ৰাথমিক শিক্ষাত ইংৰাজী ভাষাৰ প্ৰচলন কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে " এই মন্তব্য অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ। অসমত চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰি এই মন্তব্য কৰে বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে।

Advertisment

'ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি মাধ্যমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ নিজ ভাষাত পাঠদান কৰোৱাতো বা গ্ৰহণ কৰাতো বাধ্যতামূলক। তেনেস্থলত শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা দুমুখীয়া নীতি/স্থিতি অধৰ্তব্য।এনে এক পৰিৱেশে গা কৰি উঠিলে অসমতে অসমীয়া ভাষা ৰসাতলে যোৱাটো নিশ্চিত।' মাতৃভাষাৰ অস্তিত্ব এনেদৰে নি:শেষ কৰিব খোজা চৰকাৰৰ সিদ্ধান্তক অখিলভাৰতীয় বিদ্যাৰ্থী পৰিষদে তীব্ৰ ভাষাৰে বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্তক বিদ্যাৰ্থীক নিজ মাতৃভাষাৰ পৰা এক বৃহৎ দূৰত্বত অৱস্থিত কৰিব বুলি মত পোষণ কৰে।

উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই বিষয়টোৰ ওপৰত পুনৰ বিবেচনা কৰি এক উচিত সিদ্ধন্ত গ্ৰহণ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়।

assam himanta biswa sarma bjp