দেশৰ সীমাৱৰ্তী অঞ্চলত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ পদক্ষেপৰ প্ৰয়োজন : এবিভিপি

বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ৰাজ্য চৰকাৰে চলোৱা বেদখলমুক্ত অভিযান আৱশ্যক: ৰাকেশ দাস
দেশৰ সীমাৱৰ্তী অঞ্চলত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ পদক্ষেপৰ প্ৰয়োজন : এবিভিপি

ডিজিটেল সংবাদ : অসমৰ নগাঁও আৰু শোণিতপুৰ জিলাত বিস্তৃত বুঢ়া-চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ একাংশ অঞ্চলত সীমান্ত উলংঘা কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে দখল কৰা ভূমিত অবৈধভাৱে পকা ঘৰ, ধাৰ্মিক-প্ৰাৰ্থনা আৰু প্ৰশিক্ষণ স্থলী আৰু অন্যান্য নিৰ্মাণ কাৰ্যৰ কাম চলি আছিল য'ৰ বাবে পৰিৱেশ জৈৱ বৈচিত্ৰ্যকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা, আইন আৰু ন্যায়ৰ প্ৰতি ভাবুকি আহি পৰিছে।

এই বহুদিনীয়া সমস্যাটোৰ প্ৰতি গুৰুত্ব দি ৰাজ্য চৰকাৰে ১৪ ফেব্ৰুৱাৰীৰ পৰা বেদখল মুক্ত অভিযান আৰম্ভ কৰিছে, বিদ্যাৰ্থী পৰিষদে এই বেদলখলমুক্ত অভিযানটোক ৰাষ্ট্ৰীয় নিৰাপত্তা, আইন-শৃংখলা আৰু প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বুলি বিবেচনা কৰিছে।

উল্লেখযোগ্য যে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৪৪ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত আৰু ১৯৭৪ চনত ভাৰতত সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছিল।

এবিভিপিৰ ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যই কয়, ‘নগাঁও আৰু শোণিতপুৰ জিলা সামৰি লোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন জৈৱ বৈচিত্ৰ্যৰে চহকী যিটো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক সম্পদ। ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানে ৬ হাজাৰ বিঘা মাটি মুক্ত কৰিব আৰু আইন-শৃংখলা বজাই ৰখা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত সফল হ’ব বুলি আশা কৰা হৈছে।”

এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে কয়, “বিগত কেইবাদিনো ধৰি অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, যিটো বিদ্যাৰ্থী পৰিষদে এক প্ৰয়োজনীয় পদক্ষেপ বুলি গণ্য কৰে।”

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in