/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ttgg.jpg)
ডিজিটেল সংবাদ,নগাঁও : চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৷ ছাত্ৰ সংগঠন এ বি ভি পিৰ নগাঁও মহাবিদ্যালয়( স্বতন্ত্ৰ) গোটে বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰাথমিক শিক্ষা কেবল মাতৃভাষাত হব লাগে শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰ মৰ্ম্মে স্বাক্ষৰ অভিযান চলাই ছাত্ৰ সংগঠনটোয়ে ৷
এ বি ভি পিয়ে দিনৰ এক বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যচৰকাৰে বিশেষকৈ তৃতীয়মান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত প্ৰবৰ্তন কৰিবলৈ ওলোৱাত ইয়াক বিৰোধিতা কৰিছে ছাত্ৰ সংগঠনটোয়ে ৷
সংগঠনটোয়ে নতুন শিক্ষা নীতি সম্পূৰ্ণ ভাবে প্ৰযোজ্য কৰিবলৈ দাবী জনায় ৷ নতুন শিক্ষানীতিৰ আধাৰত পঞ্চম মান শ্ৰেণীলৈকে সম্ভব হ'লে অষ্টম মানলৈকে মাতৃভাষা অথবা স্থায়ী ভাষাত শিক্ষাদান কৰিব লাগে ৷ সংগঠনটোয়ে ৰাজ্যচৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত বিবেচনা কৰিবলৈকো প্ৰতিবাদী কাৰ্যসূচীত আহ্বান জনায় ৷