কোচবিহাৰ ৰাজ্য হিচাপে গঠন কৰিলে পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰক কেন্দ্ৰীয় চৰকাৰে – দ্বীপেন বড়ো

কোচবিহাৰ ৰাজ্য হিচাপে গঠন কৰিলে পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰক কেন্দ্ৰীয় চৰকাৰে – দ্বীপেন বড়ো

author-image
asomiyapratidin
New Update
কোচবিহাৰ ৰাজ্য হিচাপে গঠন কৰিলে পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰক কেন্দ্ৰীয় চৰকাৰে – দ্বীপেন বড়ো

ডিজিটেল সংবাদ, চিৰাং : ২০২৪ চনৰ ভিতৰত পশ্চিমবংগৰ সাতখন আৰু অসমৰ বঙাইগাঁও, চিৰাং, ধুবুৰীকে ধৰি মুঠ ৬ জিলাক লৈ এখন পৃথক কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰা হ'ব বুলি মহাৰাজ অনন্ত ৰায়ে বিতৰ্কিত মন্তব্য কৰিছিল। তাকে লৈ নামনি অসমৰ বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে । অনন্ত ৰায় মহাৰাজে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি শুকুৰবাৰে চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োই এক সংবাদ মেল অনুষ্ঠিত কৰে ।

Advertisment

সংবাদ মেলত দ্বীপেন বড়োয়ে কয় যে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত এই অঞ্চলত এক দীঘলীয়া গণতান্ত্ৰিক আন্দোলন আৰু সামান্তৰাল ভাবে সশস্ত্ৰ সংগ্ৰাম চলিছিল । এই পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত চলা সংগ্ৰামৰ সময়ছোৱাত বহু লোকে নিজৰ আত্ম বলিদান দিবলগীয়া হৈছিল । তাৰ পিছত বড়ো সকলৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰক সামৰি পেলাই ষষ্ঠ অনুসূচী জনজাতি বিটিচি বা বিটিআৰ গঠন কৰা হৈছিল ।

বড়ো সকলৰ অস্তিত্ব, কলা সংস্কৃতি, ভাষা, আত্মনিয়ন্ত্ৰনৰ কথা এই ষষ্ঠ অনুসূচী জনজাতিৰ সৈতে জড়িত হৈ আছে , সংগ্ৰামৰ সময়ছোৱাত যিসকল ছহিদ হৈছে তেওঁলোকৰ আত্মবলিদানৰ কথা জড়িত হৈ আছে। এই সমগ্ৰ কথা বতৰা ভবা চিন্তা নকৰাকৈ অনন্ত ৰায় মহাৰাজে যি কথা উল্লেখ কৰিছে সেই কথা এবছুয়ে কেতিয়া গ্ৰহণ নকৰে বুলি কয়।

পশ্চিমবংগৰ সাতখন আৰু অসমৰ কেইখনমান জিলাক লৈ এখন পৃথক কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰা কথা অনন্ত ৰায়ে কৈছে সেয়া অবাস্তৱ আৰু অযুক্তিকৰ কথা আৰু আগলৈ কোনো কাৰণত যাতে বিটিআৰ এলেকাৰ ষষ্ঠ অনুসূচী এলেকা যাতে সামৰি নলয় এই কথাটো এবছুয়ে স্পষ্ট ভাষাত জনাই দিয়ে । লগতে কয় যে অনন্ত ৰায় মহাৰাজে পশ্চিমবংগ নাইবা কোচবিহাৰ লৈ ব্যস্ত থাকক, তেওঁক ষষ্ঠ অনুসূচী জনজাতি বিটিআৰ এলেকাৰ জিলা কেইবাখনক চিন্তা কৰিব নালাগে। কাৰণ এইটো বড়ো অধ্যুষিত অঞ্চল হ'লেও আন আন জাতি জনগোষ্ঠীৰ লোক সকলে ইয়াত শান্তিৰে বসবাস কৰি আছে ।

বড়োই কয় যে ৩৫ বছৰীয়া এক দীঘলীয়া সংগ্ৰামৰ অন্তত এই অঞ্চলৰ অন্যান্য জাতি জনগোষ্ঠীৰ সংযোগত এক শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । সশস্ত্ৰ সংগ্ৰামৰ বন্দুক এৰি পেলাই, গণতান্ত্ৰিক আন্দোলন বন্ধ কৰি এতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই অঞ্চলৰ বসবাস কৰা বড়ো জনগোষ্ঠীয় লোক সকলে আগুৱাই যোৱাৰ সংকল্পবদ্ধ হৈছে। সেই সময়ত তেওঁ এটা হিংসাৰ পৰিৱেশ সৃষ্টি কৰাৰ যাতে চেষ্টা নকৰে তাৰ বাবে আহ্বান জনায় ।

বড়ো সকলে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ আন্দোলন কৰি থকাৰ সময়ত ২০০০ চনত কেন্দ্ৰীয় চৰকাৰে ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু ছত্তিশগড় পৃথক ৰাজ্য গঠন কৰিলে ২০১৩ চনত তেলেংগনা গঠন কৰিলে আৰু কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰাৰ এটা কুচকাৱাজ চলি থকাটো এবছুয়ে সহজ ভাবে মানি লোৱা নাই, এই সমগ্ৰ বিষয়টো এবছুয়ে নজৰ দি আছে বুলিও কয়।

তেওং কয় যে কোনো কাৰণত এক ছেন্টিমিটাৰ মাটি যাতে ষষ্ঠ অনুসূচী বিটিআৰ এলেকাৰ পৰা এৰি দিয়া নহ'ব। ইয়াকে লৈ দীঘলীয়া পৃথক বড়োলেণ্ড ৰাজ্যৰ আন্দোলন আৰু ছহিদৰ তেজৰ বিনিময়ত গঠন হোৱা এই ষষ্ঠ অনুসূচী বিটিআৰত যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় বা আমাৰ অধিকাৰক লৈ যাতে ধেমালি নেখেলে তাৰ বাবে এবছুৰ সভাপতি জনে সকিয়নি প্ৰদান কৰে ।

সাংবাদিকৰ প্ৰশ্নত দ্বীপেন বড়োই কয় যে অনন্ত ৰায় মহৰাজে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্ধৃতি কৈছে যে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে কোচবিহাৰ ৰাজ্য গঠন কৰাৰ কথা দিছে বুলি কৈছে কিন্তু তাৰ বিপৰীতে এই সন্দৰ্ভত কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ পৰা তেনেকুৱা কোনো বিবৃতি আজিলৈকে আনুষ্ঠানিক ভাৱে ঘোষনা কৰা তথ্য এবছুয়ে লাভ কৰা নাই । কিন্তু এবছুয়ে বিভিন্ন সুত্ৰৰ পৰা লাভ তথ্য লাভ কৰিছে কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰা বিভিন্ন চৰ্চা বা চিন্তা চলি আছে ।

তেওঁ কয় যে সেই ক্ষেত্ৰত বড়ো সকলে বা বিটিআৰ অঞ্চল কেতিয়াও কোনোবা নতুন ৰাজ্যৰ লগত চামিল হোৱাটো কেতিয়াও সহজ ভাবে লোৱা নাই। কোনো কাৰণত আমি মানি নলোও বা গ্ৰহণ নকৰো আৰু কোচবিহাৰ ৰাজ্যত যদি আমি যাব লাগে বা কোকৰাঝাৰ আৰু চিৰাং জিলা বা অইন ঠাইত সামৰি কোচবিহাৰ ৰাজ্য গঠন কৰিব বিচাৰিছে তেনেহ'লে কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টকৈ কম যে বড়োলেণ্ড সুকীয়া ৰাজ্য সোনকালেই গঠন কৰক । কাৰণ আমি বেলেগৰ লগত আমি যাবলৈ নিবিচাৰো ।

আৰু পঢ়ক: দৰঙত পি এইচ ই ডিৰ শাখা বিষয়াক নিলম্বন কৰাৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

assam kokrajhar