ডিজিটেল সংবাদ,কোকৰাঝাৰ: দোতমাত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত এবছুৰ ৫৭ তম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ব। এই উপলক্ষে দেওবাৰে দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাৰ জৰিয়তে অভ্যৰ্থনা সমিতি আৰু ২০খন উপ সমিতি গঠন কৰা হয়।
এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীক অধ্যক্ষ আৰু শংকৰলাল ব্ৰহ্মক আহ্বায়ক হিচাপে লৈ মূল অভ্যৰ্থনা সমিতিখন গঠন কৰা হয়। তদুপৰি দোতমা, বনৰগাঁও, ৰামফলবিল অঞ্চলৰ ৰাইজক সাঙুৰি ২০খন উপ-সমিতি গঠন কৰা হয়।
অভ্যৰ্থনা সমিতি গঠনৰ অন্তত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে, প্ৰতিবাৰৰ দৰে এইবেলিও এবছুৰ বাৰ্ষিক অধিবেশন লেখত লবলগীয়া হ'ব।৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এবছুৰ ৫৭তম বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনোৱা হ'ব বুলি উল্লেখ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে।
উল্লেখ্য যে আজি দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অভ্যৰ্থনা সমিতি গঠন সভাত এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰী,সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী উপস্থিত আছিল।