ট্ৰাইবেল বেল্ট, ব্লকত উচ্ছেদ অভিযানৰ দাবী এবছুৰ…

ট্ৰাইবেল বেল্ট, ব্লকত উচ্ছেদ অভিযানৰ দাবী এবছুৰ…

author-image
asomiyapratidin
New Update
ট্ৰাইবেল বেল্ট, ব্লকত উচ্ছেদ অভিযানৰ দাবী এবছুৰ…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত এবছুৰ উদ্যোগত আজি ট্ৰাইবেল বেল্ট -ব্লকৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা আৰু জনজাতীয় সকলক অধিক সুৰক্ষিত কৰাকে ধৰি বিভিন্ন বিষয়ত এক বৈঠক অনুষ্ঠিত হয়। এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত বৈঠকত মূলতঃ মাটি-বাৰীৰ ম্যাদী, নামজাৰিৰ লগতে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ বিষয়টো বিশেষভাৱে আলোচিত হয়।

Advertisment

উক্ত বৈঠকত এবছুৰ সভাপতি দ্বীপেন বড়ো, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু বড়ো – কছাৰী স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিনিধি, বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিবকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইপিনে বৈঠকৰ অন্তত এবছুৰ সভাপতি দ্বীপেন বড়োই সংবাদমাধ্যমৰ আগত ৰাজ্যখনৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

তদুপৰি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত বসৱাস কৰা জনজাতিসকলৰ অধিকাৰ অধিক সুৰক্ষিত কৰিবলৈ দাবী জনাই চৰকাৰী মেৰপেচ আঁতৰ কৰি বনাঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাইছে এবছুৱে ৷ ইয়াৰোপৰি শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট আদিকে ধৰি ৰাজ্যৰ অন্য প্ৰান্তত বসৱাস কৰা জনজাতিসকলক মাটিৰ পট্টা প্ৰদান কৰিবলৈও দাবী উত্থাপন কৰিছে ।

আনহাতে সমষ্টি পুনৰ গঠন আইন ২০০২ৰ অধীনত সমষ্টি পুনৰগঠনৰ কাম-কাজ আৰম্ভ কৰিবলৈ যাওঁতে কোকৰাঝাৰ লোকসভা সমষ্টিটো যাতে কোনো কাৰণতে জনজাতিৰ বাবে সংৰক্ষিত মৰ্যদাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি চকু ৰাখিবলৈ আহ্বান জনাই এবছুৱে ইতিমধ্যে নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰা বুলি সদৰি কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।