বড়ো জনসাধাৰণলৈ ABSU ৰ আহ্বানঃ ব'হাগৰ প্ৰথম সাতদিনত পৰিধান কৰক পৰম্পৰাগত সাজ-পাৰ

ব'হাগৰ প্ৰথম সাতটা দিনত বড়ো জনগোষ্ঠীৰ সকলো লোককে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিবলৈ গাঁৱে গাঁৱে গৈ আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই।

author-image
Asomiya Pratidin
New Update
বড়ো জনসাধাৰণলৈ ABSU ৰ আহ্বানঃ ব'হাগৰ প্ৰথম সাতদিনত পৰিধান কৰক পৰম্পৰাগত সাজ-পাৰ

ডিজিটেল ডেস্কঃ আগত ব'হাগ মাহৰ প্ৰথম সাতটা দিনত ঘৰে-বাহিৰে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিব বড়ো লোকসকলে। অকল নিজৰ-নিজৰ চুবুৰী বা গাঁৱতে নহয়, অফিচ-কাছাৰী,  শিক্ষানুষ্ঠান,  আনকি ভ্ৰমণ কালতো পৰিধান কৰিব পৰম্পৰাগত সাজ-পাৰ। এই সাজ-পাৰত বড়ো মহিলা সকলে পৰিধান কৰিব দখনা- জোমগ্ৰাৰে ৰঙা ব্লাউজ আৰু বড়ো পুৰুষ সকলে গামছা গোথাঙ, আৰনাই গছলা পৰিধান কৰাৰ লগতে গলত ল'ব আৰোনাই। নিজৰ কৃষ্টি-সংস্কৃতি তথা পৰস্পৰা ৰক্ষাৰ স্বাৰ্থত এনে এক সামূহিক সিদ্ধান্ত গ্ৰহণৰ বাবে বড়ো জনগণক উদ্বুদ্ধ কৰিবলৈ সম্প্ৰতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, গাঁৱে গাঁৱে গৈ বড়ো জনগণৰ মাজত একধৰণৰ প্ৰচাৰ অভিযান চলাইছে নিখিল বড়ো ছাত্ৰ সন্থা ( এবছু )ৰ নেতা- কৰ্মীসকলে।

Advertisment

এই কথা জানিবলৈ দিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এবছুৰ জিলা আৰু আঞ্চলিক সমিতিৰ নেতা-কৰ্মীসকলে ইতিমধ্যে বড়ো গাঁৱে-গাঁৱে গৈ বড়ো জনগণৰ মাজত এই সন্দৰ্ভত প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ লগতে জনসভাও অনুষ্ঠিত কৰি আছে বুলি ব্ৰহ্মই জানিবলৈ দিছে । এইদৰে বড়ো জনগণক নিজৰ কৃষ্টি-সংস্কৃতি- পৰস্পৰাৰ প্ৰতি অধিক সচেতন কৰাৰ প্ৰচেষ্টা চলাইছে নিখিল বড়ো ছাত্ৰ সন্থা তথা এবছুৰ নেতা-কৰ্মী সকলে।

এবছুৰ নেতা কৰ্মীসকলে লগতে নিজৰ নিজৰ চুবুৰী, গাঁও বা অঞ্চলত পৰম্পৰাগত ৰীতি- নীতি অনুসৰি বৰ্ণাঢ্য বৈশাগু উৎসৱ উদযাপন কৰাৰ বাবেও বড়ো জনগণক আহ্বান জনাইছে এবছুই। বড়োসকলক নিজৰ কৃষ্টি -সংস্কৃতি তথা পৰস্পৰাৰ প্ৰতি অধিক সচেতন কৰিবলৈ এবছুৱে চলোৱা এনে প্ৰচাৰ অভিযান কথা সদৰী কৰি এবছুৰ সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই জনোৱা মতে ইতিমধ্যে এবছুৰ কেন্দ্ৰীয় সমিতিৰ পৰা জিলা, আঞ্চলিক সমিতি সমূহলৈ নিৰ্দেশ যোৱাৰ পিছত এবছুৰ কৰ্মী সকলে গাঁৱে- গাঁৱে তৎপৰ হৈ পৰিছে ।

অৱশ্যে আন বিভিন্ন দল-সংগঠনেও সম্প্ৰতি এই ক্ষেত্ৰত ঐকমত্য পোষণ কৰি এবছুৰ এনে প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱাৰ কথাও ব্যক্ত কৰে এবছুৰ সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই।  আগন্তুক ব'হাগ মাহৰ প্ৰথম সাতটা দিনত বৈশাগু নাচিবলৈ যোৱাৰ সময়ত প্ৰতিজন বড়ো মহিলাসকলক চুলিৰ খোপাত গংগোনা লৈ নাচিবলৈ আহ্বান জনাইছে । বাদ্যযন্ত্ৰ বজোৱা ক্ষেত্ৰত অকল বড়োসকলৰ বাদ্য যন্ত্ৰবোৰকে বজাবলৈও আহ্বান জনাই।

এবছু