/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/protest-1.png)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁৱত সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ উদ্যোগত সোমবাৰে তিনি ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় । আজি চকাবন্ধ কাৰ্যসূচীৰ মাজতে চিৰাং জিলা সদৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় পাঁচ শতাধিক এবিএমছুৰ কৰ্মীৰ উপস্থিতিত অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিটিচি প্ৰশাসন হায় হায়, প্ৰমোদ বড়ো মুৰ্দাবাদ, এনআৰচি পুনঃৰ্নিৰীক্ষণ কৰা বন্ধ কৰক, 'ডি' ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।
আজিৰ এই অবস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইচন হুছেইনে কয় যে বিটিচি গঠন হোৱাৰ পিছত ১৭ বছৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে শাসন কৰিলে কিন্তু বিটিআৰ এলেকাত বসবাস কৰা সংখ্যালঘু লোক সকলৰ উন্নয়নৰ হকে একো কাম নকৰিলে তাৰ পিছত শেষতীয়াকৈ প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলে বিটিআৰ এলেকাত দ্বিতীয় বৃহত্তৰ জনগোষ্ঠী হিচাপে পৰিগণিত ধৰ্মীয় সংখ্যালঘু লোক সকলৰ বিভিন্ন সমস্যা কৰাৰ প্ৰতিশ্ৰুতিৰে বিটিচিৰ শাসনলৈ আহিল কিন্তু আজিলৈকে সংখ্যালঘু জনগণৰ বাবে নুন্যতম কাম নকৰাৰ কথা সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে ।
এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল হুছেইনে কয় যে অসমৰ দীৰ্ঘদিনীয়া সমস্যা হিচাপে চিহ্নিত 'ডি' ভোটাৰ বা বিদেশী সমস্যা সমাধানৰ কাৰণে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত ১৬শ কোটি টকা ব্যয় সাপেক্ষে এনআৰচি কাম সম্পূৰ্ণ হ'ল। কিন্তু সেই এনআৰচিৰ এই তালিকা খনত বিদশী নাগৰিকৰ নাম সন্নিবিষ্ট হৈছে বুলি অভিযোগ তুলি শেষতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আদি কৰি অন্যান্য দল সংগঠনৰ সৈতে আলোচনা কৰি অসম চৰকাৰে এনআৰচি পূৰ্ণাঙ্গ তালিকাখন পুনঃৰ্নিৰীক্ষণ কৰিবলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰাৰ বিষয়টো এবিএমছুয়ে কেতিয়াও মানি নলয় আৰু চৰকাৰৰ এই সিদ্ধান্তক প্ৰতিবাদ জনাই যাব বুলি মন্তব্য কৰে ।
তদুপৰি এতিয়াও বহু ভাৰতীয় নাগৰিকক 'ডি' ভোটাৰৰ নোটিচ জাৰি কৰি হাৰাশাস্তি চলাই থকা হৈছে বুলি অভিযোগ কৰে । মুলতঃ বি.টি.আৰৰ প্ৰতিটো ভূমিহীন আৰু ভূমি পট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰা, বিদেশী ন্যায়াধীকৰণ , সীমান্ত আৰক্ষীৰ দ্বাৰা আৰু ' ডি' ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা অন্যায় বন্ধ কৰা, বি.টি.আৰত বিগত সময়ছোৱাত সংঘটিত বিভিন্ন নৃগোষ্ঠীয় সংঘর্ষ , উগ্রপন্থীৰ আক্ৰমণ তথা বিভিন্ন ৰক্তপাতজনিত ঘটনাত ক্ষতিগ্রস্থ সংখ্যালঘু পৰিয়াল সমূহক সম্পূৰ্ণ পুনঃসংস্থাপন আৰু সম্পূৰ্ণ ক্ষতিপূৰ্ণৰ ব্যৱস্থা কৰা, চূড়ান্ত এন.আৰ.চিত নাম অন্তর্ভূক্ত আবেদনকাৰী সকলক ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ আৰু নাম বাদ পৰা আবেদনকাৰীসকলৰ বাবে আপীলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা, ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু বি.টি.চিৰ টেট উত্তীর্ণ প্রার্থীসকলক শীঘ্ৰেই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা আৰু বি.টি.চিত শীঘ্ৰেই সংখ্যালঘু উন্নয়ণ বৰ্ড গঠন কৰা আদি কৰি ছয় দফীয়া দাবী লৈ সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি কাজলগাঁৱত ৩ ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ছয় দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।