একত্ৰিত হ'ল দুটা ভাগত বিভক্ত হৈ থকা সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা

: বহু বাক-বিতণ্ডা আৰু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত দেওবাৰে একত্ৰিত হ'ল দুভাগত বিভক্ত হৈ থকা সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু ।
একত্ৰিত হ'ল দুটা ভাগত বিভক্ত হৈ থকা সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা

ডিজিটেল সংবাদ, চিৰাং : বহু বাক-বিতণ্ডা আৰু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত দেওবাৰে একত্ৰিত হ'ল দুভাগত বিভক্ত হৈ থকা সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু । চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত এক সাধাৰণ সভাৰ জৰিয়তে এবিএমছুৰ আশ্ৰাফুল ইছলাম গোট আৰু মহিদুল ইছলাম গোট একত্ৰিত হয় ।

উল্লেখ্য যে দুবছৰ পূৰ্বে বিটিচি নিৰ্বাচনৰ প্ৰাকমূহূৰ্ত্তত এবিএমছুৰ মূলসুঁতিৰ পৰা আঁতৰি গৈ মহিদুল ইছলাম আৰু আবু জুবেইৰ মণ্ডলে ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰি পৃথক এবিএমছু গোট গঠন কৰিছিল । আজি চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা যুৱ কল্যাণ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন যৌথ সভাত আশ্ৰাফুল ইছলাম আৰু সাধাৰণ সম্পাদক টাইছন হুছেইন নেতৃত্বতাধীন এবিএমছুৰ মূল সমিতিৰ সৈতে একত্ৰিত হয়।

এবিএমছুৰ উপ-সভাপতি আলী আজম শ্বেখৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহিদুল ইছলামক এবিএমছুৰ কাৰ্যকৰী সভাপতি আৰু আবু জুবেইৰ মণ্ডলক আগন্তুক কেন্দ্ৰীয় অধিৱেশন পৰ্যন্ত এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ সৈতে যুটীয়াভাৱে সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। সভাৰ শেষত সংবাদমেল সম্বোধন কৰি এবিএমছুৰ উপ-সভাপতিয়ে সভাৰ সিদ্ধান্ত সমূহ অৱগত কৰে।

সংবাদমেলত এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইন বি.টি.চি অঞ্চলৰ সংখ্যালঘু জনগণৰ ন্যায়-নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰাম খনক অধিক তীব্ৰতৰ ভাৱে আগবঢ়াই লৈ যোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰে । বিটিআৰ এলেকাৰ সংখ্যালঘু লোকসকলৰ অধিকাৰৰ হ'কে এবিএমছুৰ এই সংগ্ৰামক কোনো ৰাজনৈতিক শক্তিয়ে এবিএমছুক ভৱিষ্যত দিনত নিজৰ মুনাফাৰ বাবে আৰু ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে।

সভাখনত এবিএমছুৰ উপ-সভাপতি আইনাল হক, হামিদুল ইছলাম, সহঃ সম্পাদক মাইনুদ্দিন আলী, আব্দুছ চামাদ, মুখ্য সাংগঠনিক সম্পাদক জাইদুল ইছলামকে ধৰি এবিএমছুৰ প্ৰায়সমূহ জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থকাৰ লগতে কেবাখনো জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। ইমান দিনে দুটা গোটত বিভক্ত হৈ থকা এবিএমছুৰ আজিৰ এই একত্ৰীকৰণ কৰা সিদ্ধান্তক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ সচেতন মহলে আঁদৰণি জনায় আৰু আগন্তুক দিনত বিটিআৰ এলেকাৰ সংখ্যালঘু লোক সকলৰ অধিকাৰৰ হকে ঐক্যবদ্ধ ভাৱে সংগ্ৰাম কৰি যাবলৈ আহ্বান জনায় ।

আৰু পঢ়ক: খেলা-ধূলা, পঢ়া-শুনা কৰা বয়সত কিয় কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা? চৰকাৰে ভাৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in