/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b0efe7da-aefe-4664-ac64-e0924bcb1967/raj.jpg)
Abinash rajkhua
ডিজিটেল সংবাদ, নামৰূপ: বিগত এটা দশক যকৃতৰ ৰোগত আক্ৰান্ত হৈ অৱশেষত বৃহস্পতিবাৰে জীৱন যুঁজৰ সামৰণি মাৰিলে নামৰূপৰ প্ৰাক্তন সাংবাদিক অবিনাশ ৰাজখোৱাই। নগাঁও ৰহাৰ বাসিন্দা সদ্য প্ৰয়াত অবিনাশ ৰাজখোৱাই প্ৰয়াত পিতৃৰ কৰ্মসূত্ৰে নামৰূপতে জন্ম গ্ৰহণ কৰি , শিক্ষা সম্পূৰ্ণ কৰি নামৰূপৰ সমাজ জীৱনৰ সতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ বিভিন্ন সময়ত নামৰূপ সামাজিক , বৌদ্ধিক , আৰ্থসামাজিক দিশত বিশেষ ভূমিকা পালন কৰি নামৰূপৰ ৰাইজৰ অতি আপোন হৈ পৰিছিল।
দুকুৰি দেওনা গৰকা যুৱক জনে প্ৰায় দহ বছৰ ধৰি যকৃত ৰোগত ভুগি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতেলত চিকিৎসা কৰি আছিল। জীয়াই থকাৰ অদম্য হেঁপাহ বুকুত বান্ধি সুস্থ হৈ উঠিবলৈ অপ্ৰাণ চেষ্টা কৰা সৰবৰহী ,উদ্যমী যুৱক প্ৰয়াত অবিনাশে আৰ্থিক দৈন্যতাৰ স্বত্তেও যকৃত সংৰোপনৰ বাবেও বিভিন্ন এন জি অ ৰ লগত যোগাযোগ কৰিছিল যদিও সফল নহ'ল ।
অৱশেষত অলেখ আকাংক্ষা বুকুত সাৱটি আজি পুৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তে অবিনাশে শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে নামৰূপতো এক শোকাকূল পৰিবেশৰ সৃষ্টি হয়।সহজ সৰল, সমাজ সচেতন অবিনাশ ৰাজখোৱাই দীঘলীয়া কৈ অসুখত পৰাৰ আগলৈকে দৈনিক জনসাধাৰণ কাকতৰ নামৰূপৰ সাংবাদিক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
জীৱিত কালত সমাজ সেৱাৰ প্ৰতি নিজকে উচৰ্গা কৰি অৱশেষত মৃত্যুৰ প্ৰায় এমাহ পূৰ্বে ৰাজখোৱাই নিজৰ দেহ আৰু নেত্ৰ দান কৰি মানৱতাৰ চৰম গভীৰ নিদৰ্শন দ থৈ গৈছে। প্ৰাক্তন সাংবাদিক গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে নামৰূপ প্ৰেছ এণ্ড ছচাঁইটি ক্লাব, নামৰূপ সমলয় কবি চক্ৰ, বিশিষ্ট লেখিকা ক্ৰমে ৰূপালী মহন্ত পাটগিৰি, অনিমা বৰুৱা দেউৰী, আছুৰ ডিব্ৰুগড় জিলা প্ৰাক্তন সভাপতি ৰঞ্জিত বৰুৱা , নামৰূপ শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰদীপ গগৈ প্ৰমুখ্যে বহু দল সংগঠনে। লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত অবিনাশ ৰাজখোৱাই মাতৃ আৰু দুই ভাতৃক ইহঁসংসাৰত এৰি থৈ গৈছে।