/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/BOROMA-3.jpg)
ডিজিটেল সংবাদ বৰমাঃ বাক্সা জিলাৰ বৰমাত আজি অভিৰুচি দিৱস হিচাপে পালন কৰা হয় ৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰ তাৰিখে আয়োজন কৰা অভিৰুচি ক্ৰীড়া দিৱস বৰমাতো উদযাপন কৰি আহিছে ৷
এম্পায়াৰ একাডেমী স্কুলত স্বপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিৰুচি দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যুৱ নেতা ৰজনী ৰবজৌৱাৰী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বি এইচ বি কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ ফনীধৰ তালুকদাৰ, এম্পায়াৰ একাডেমীৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰী , সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক দিলীপ কুমাৰ হালৈ, বি কে ভাণ্ডাৰী এম ই স্কুলৰ অৱসৰী প্ৰধান শিক্ষক বসন্ত বৰ্মন আৰু শিক্ষয়িত্ৰী ৰীমা শৰ্মাই ৷
এই সভাতেই বৃহত্তৰ বৰমা অঞ্চলৰ ক্ৰীড়া সংগঠক, ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা খেলুৱৈ আৰু ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। বৰমা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত অভিৰুচি দিৱসৰ আতধৰে ৰাজীৱ দাসে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us