আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস, ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন…

আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস, ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন…

author-image
asomiyapratidin
New Update
আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস,  ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন…

ডিজিটেল ডেস্ক : আজি অভিৰুচি ক্ৰীড়া দিৱস। দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস।

মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ উলিওৱা হয় সমদল। অনুষ্ঠানত উপস্থিত অলিম্পিয়ান দীপা কৰ্মকাৰ।

আনহাতে আজি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চন দিৱস উদযাপন। ৮ গৰাকী ক্ৰীড়াবিদলৈ ৰাজ্য চৰকাৰৰ এই ক্ৰীড়া পেঞ্চন। কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ ৫০ লাখ টকাৰ পুৰষ্কাৰ আগবঢ়াৱো হৈছে।

আনহাতে, নয়নমণিক প্ৰদান কৰা হ'ব উপ-আৰক্ষী অধীক্ষক পদৰ নিয়ুক্তি পত্ৰ। ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এন.চি.চি কেডেটলৈ বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব।

assam guwahati Assam police