ঢকুৱাখনাৰ শিক্ষক অবিনাশ  ভৰালীৰ বিয়োগ

ঢকুৱাখনাৰ শিক্ষক অবিনাশ  ভৰালীৰ বিয়োগ

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাৰ বামুণগাঁও নিৱাসী মধ্য ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক অবিনাশ ভঁৰালী(৪৬)ৰ বুধবাৰে বিয়লি প্ৰায় ৪ বজাত মৃত্যু হয়। সুদীর্ঘ দিন ধৰি যকৃত বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ভঁৰালীক কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি  কৰা হৈছিল ।

চিকিৎসাধীন অৱস্থাতে  সকলোকে শোক সাগৰত ডুবাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে সৰলমনা বিজ্ঞান শিক্ষক গৰাকীয়ে । পত্নী চয়নিকা চেতিয়া, এটি পুত্ৰ সন্তান সহ পৰিয়াল পৰিজনক ইস সংসাৰত নিথৰুৱা কৰি এৰি যোৱা ভঁৰালীৰ বিয়োগত সমগ্ৰ পশ্চিম ঢকুৱাখনা অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

পশ্চিম ঢকুৱাখনা অঞ্চলৰ নিকুঞ্জ ভঁৰালীৰ পুত্ৰ অবিনাশ ভঁৰালীৰ মৃত্যুত  ঢকুৱাখনা জিলা  হাইস্কুল শিক্ষক সন্থা ,ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক গৌৰৱ বৰুৱা, "টুইংকল কিডছ"ৰ অধ্যক্ষ গৌৰৱ বৰুৱা , মধ্য ঢকুৱাখনা হাইস্কুল পৰিয়াল, সতীৰ্থ শিক্ষক হেমেন কলিতা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ঢকুৱাখনাৰ শিক্ষক অবিনাশ  ভৰালীৰ বিয়োগ
ওড়িশাত পুনৰ লাইনচ্যুত ৰে'ল, জিৰণী লৈ থকা ৬ শ্ৰমিকৰ মৃত্যু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in