/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b0513375-ca20-43e1-b7d3-9715df01efb4/AP_FOR_WEB_theatre.jpg)
ডিজিটেল ডেস্ক: সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ পৰা আঁতৰি আহিল ৩খনকৈ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ। সন্থাৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি ওলাই আহে আবাহন,হেঙুল আৰু ইতিহাস থিয়েটাৰে।
এই কথা সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ এক বিজ্ঞপ্তিত উল্লেখ কৰে। সন্থাই বিজ্ঞপ্তিযোগে উল্লেখ কৰে যে, অনাগত দিনসমূহত আবাহন,হেঙুল আৰু ইতিহাস থিয়েটাৰৰে সন্থাৰ নাথাকিব কোনো সম্পৰ্ক।
আনহাতে আবাহনৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰ,হেঙুলৰ সংকল্পজিৎ হাজৰিকা আৰু ইতিহাস থিয়েটাৰৰ অখিল কলিতাই ইয়াৰ প্ৰত্যুত্তৰত উল্লেখ কৰে যে এখন থিয়েটাৰত কলা-কুশলীকে ধৰি প্ৰায় ১০০-১৫০ গৰাকী কৰ্মচাৰী থাকে,তেওঁলোকৰ পৰিয়াল থাকে। সেয়ে তেওঁলোকৰ কথা চিন্তা-চৰ্চা কৰিয়েই সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, সন্থাই এখন থিয়েটাৰত একেজন নাট্যকাৰৰ ৩খনকৈ নাটক থকাৰ কথা বিৰোধিতা কৰাৰ উপৰিও বিভিন্ন কথা সন্দৰ্ভত গ্ৰহণ কৰিছিল কেতবোৰ পদক্ষেপ। জানিব পৰা মতে, সন্থাৰ এনেবোৰ পদক্ষেপত সন্তুষ্ট নহৈ উক্ত ৩খন ভ্ৰাম্যমাণ থিয়েটাৰে সন্থাৰ মজিয়াৰ পৰা পদত্যাগ কৰে।
Also Read: আনন্দ হ’ব পাৰে বিষাদৰ বতৰা : ত্ৰিপুৰাৰ পৰা ল’ব নে শিক্ষা ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us