/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/lkjkldf.jpg)
ডিজিটেল সংবাদ, যোৰহাট: অসম কৃষি বিশ্ববিদ্যালয়ে নিজাববীয়া প্ৰচেষ্টাৰে আমাৰ গাঁও আমাৰ গৌৰৱ কৰ্মসূচীৰ অধীনত বুধবাৰে ৰাজ্যৰ কৃষিক্ষেত্ৰৰ ভিতৰত প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰি ৰাজ্যৰ কৃষিক্ষেত্ৰত এক অভিনৱ কাৰ্যসূচী আৰম্ভ কৰে ।
বিশ্ববিদ্যালয়খনে নিজাববীয়াকৈ আৰম্ভ কৰা আমাৰ গাঁও আমাৰ গৌৰৱ কাৰ্যসূচীৰ অধীনত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ জৰিয়তে যোৰহাট জিলাৰ তিতাবৰৰ কৃষি অধ্যুষিত দেউঘৰীয়া,লালুঙ ,পালেঙীআৰু দিহিঙ্গীয়া গাঁওৰ কৃষকসকলক লৈ আৰম্ভ কৰা কুঁহিপাত নামেৰে এই কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰে ।
এই অনুষ্ঠানতে নিৰ্বাচিত কৃষকসকলক বিশ্ববিদ্যালয়ে নতুনকৈ উদ্ভাৱন কৰা লাৱন্য ধানৰ বীজো বিতৰণ কৰে । তিতাবৰৰ দেউঘৰীয়া গাওত অনুষ্ঠিত এক অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়া ই কয় যে আমাৰ গাঁও আমাৰ গৌৰৱ আচনিৰ অধীনত দেউঘৰীয়া, লালুঙ, পালেঙী আৰু দিহিঙ্গীয়া গাঁও বাচনি কৰি কৃষকৰ আয় দুগুণ কৰিবলৈ প্ৰাৰম্ভিক ভাবে কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰি সামুহিক ভাবে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
তাৰ অধীনতে বিশ্ববিদ্যালয়ে শেহতীয়াকৈ উদ্ভাৱন কৰা পাৰ্পল ধান ' লাৱন্য' ৰ বীজ বিতৰণ কৰি তাৰ জৰিয়তে উৎপাদিত ধান কেজিত কমপক্ষেও ২০-২৫ টকাকৈ যাতে কৃষকে লাভ কৰিব পাৰে তাৰ প্ৰয়াস কৰা হৈছে । এই উদ্দেশ্যত সফল হবলৈ এটা কাষ্টম হিয়েৰিঙ চেন্টাৰো আৰম্ভ কৰা হৈছে । সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মণে কয় যে লাৱন্যৰ বীজৰ জৰিয়তে নতুন সৃষ্টিৰ জাগৰণ হ'ব ।
কৃষক অধিক লাভান্বিত হব।বিশ্ববিদ্যালয়ে অধিক উৎপাদনক্ষম বহু বীজ উৎপাদন কৰিছে । অসমৰ মাটি আৰু পানীৰ আপোনালোকে সদব্যৱহাৰ কৰক । আমি খেতি কৰি থাকিলেহে মাটি থাকিব । মাটি থাকিলেহে সংস্কৃতি থাকিব ।খেতিৰ লাভজনক ক্ষেত্ৰবোৰ চিনাক্ত কৰি উৎপাদন কৰিব লাগিব । লিপিকা তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত যোৰহাট জিলা কৃষি বিষয়া বেণীমাধৱ বৰুৱাই কয় যে শেহতীয়া ধাৰণাৰে কৃষক উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰি কৃষিৰ বাবে আগবাঢ়ি অহাটো অতিকে ভাল খবৰ ।
ইয়াৰ অধীনত আপোনালোকে সঠিক উন্নতমানৰ বীজ উৎপাদন কৰিলে অধিক লাভালাভ কৰিব পৰা যাব । দুতৰপীয়া খেতি কৰি অধিক আগুৱাই যাবলৈ শেহতীয়া ধাৰণা আৰু পৰিকল্পনাৰ জৰিয়তে আগবাঢ়ি যাব লাগিব । ধান খেতিৰ উপৰিও ফলমুল তথা শাক পাচলিৰ খেতি কৰি উৎপাদন দুগুণ কৰিব নোৱাৰিম। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি গৱেষণা সঞ্চালক অৰুণ কুমাৰ পাঠকে কয় যে গ্ৰামাঞ্চলৰ কৃষক সকলক একত্ৰিত কৰি সামুহিক দৃষ্টিভংগীৰে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে সংগবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব ।
অনুষ্ঠানত অংশ গ্ৰহণ কৰি যোৰহাট অনাতাৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী অঞ্জুমা দাস, নীলাচল প্ৰাইভেট কোম্পানীৰ সঞ্চালক অচিন্ত দাস আৰু তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী দেৱীদাস ,মহকুমা পশুপালন বিষয়া ৰঞ্জিত গগৈয়েও বক্তব্য আগবঢ়ায় ।শলাগ জ্ঞাপন কৰে,তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মিলনজ্যোতি কোৱৰে ।