/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/wod.jpg)
ডিজিটেল সংবাদ, যোৰহাট: মাইক্ৰফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে দেওবাৰৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক সেউজ সজাগতা অভিযান । বিশ্ব পৰিবেশ দিৱসৰ দিনাই আজি বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদত এই পৰিকল্পনাৰ শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালে ।
বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছপুলি ৰোপনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অসম বিজ্ঞান সমিতিৰ অসম কৃষি বিশ্ববিদ্যালয় শাখা আৰু বেচৰকাৰী সংস্থা অপ্ৰতিৰোধ্যৰ সহযোগত "বিশ্ব পৰিৱেশ দিৱস"ৰ এই কাৰ্যসূচীত গছপুলি ৰোপনৰ লগতে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় ।
ড° বসন্ত কুমাৰ বৰাই আত ধৰা এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, পঞ্জীয়ক তপন কুমাৰ গোহাঁই আৰু সামুহিক বিজ্ঞানগুৰু ড° ৰূমা ভট্টাচাৰ্যই পৰিৱেশ সংৰক্ষণ আৰু সচেতনতাৰ ওপৰত বক্তৃতা আগবঢ়ায়।অপ্ৰতিৰোধ্যৰ বিশ্বজ্যোতি মহন্ত আৰু অংকিতা বনিয়াই পৰিৱেশ সংৰক্ষণত যুৱ প্ৰজন্মৰ ভূমিকাৰ বিষয়ে সতীৰ্থসকলক সজাগ সচেতন হবলৈ আহ্বান জনাই ।
লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কবিতা লেখন, শ্লোগান লেখন আৰু প'ষ্টাৰ অংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।পৰিবেশ দিৱসৰ এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাস, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদৰ লগতে বিশ্ববিদ্যালয়ৰ কেবাটাও বিভাগৰ মুৰব্বী অধ্যাপক , গৱেষক , বিজ্ঞানী তথা ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us