চিলাপথাৰ আছুৰ সংকল্প দিৱস : অসম চৰকাৰক মিথ্যাচাৰী আখ্যা

নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ উদ্যোগত উলিওৱা এক সমদলে ভাঙি চুৰমাৰ কৰিছিল চিলাপথাৰ নগৰস্থিত আছুৰ কাৰ্যালয়

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ আছুৰ সংকল্প দিৱস : অসম চৰকাৰক মিথ্যাচাৰী আখ্যা

ডিজিটেল ডেস্ক,চিলাপথাৰ : ২০১৭ চনৰ আজিৰ দিনটোতে চিলাপথাৰত সংঘটিত হৈছিল এক নজিৰবিহীন ঘটনা। নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ উদ্যোগত উলিওৱা এক সমদলে ভাঙি চুৰমাৰ কৰিছিল চিলাপথাৰ নগৰস্থিত আছুৰ কাৰ্যালয়।

Advertisment

সংগঠনটোৰ কাৰ্যালয়ৰ আচ-বাব,ছহিদ বেদী,ড০ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে গামোচা গচকি অসমীয়াৰ স্বাভিমানত কুঠাৰঘাত কৰিছিল। উক্ত সময়ৰ পৰাই প্ৰতিটো বছৰৰ ৬ মাৰ্চৰ দিনটোতে অসমৰ স্বাভিমান আৰু একতাৰ প্ৰতি চৰম ভাবুকি সৃষ্টিকাৰী সকলো সাম্প্ৰদায়িক অপশক্তিৰ বিৰুদ্ধে ঐক্যৱদ্ধ হোৱাৰ আহ্বান জনাই অনুষ্ঠিত কৰা হয় সংকল্প দিৱস।

দিৱস উপলক্ষে আজি পুৱাৰ পৰা বিয়লিলৈকে চিলাপথাৰ ছহিদ ভৱনত ৰাইজৰ ব্যাপক সমাগম হয়। ছহিদ তৰ্পণৰ পিছতে শ্ৰুতিমধুৰ দিহা নামেৰে জীপাল কৰি তোলে কাৰ্যসূচী। অনুষ্ঠানত আছুৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইপিনে সৰ্বত্ৰ নিন্দিত ঘটনাটোৰ পিছতে চিলাপথাৰত উপস্থিত হৈছিল অসম চৰকাৰৰ মন্ত্ৰী বিধায়কৰে গঠিত এক সঁজাতে দল। দলটোৱে ঘটনা পৰ্যবেক্ষণ কৰাৰ পিছতে আছুৰ কাৰ্যালয়ৰ লগতে ক্ষতিগ্ৰস্ত সকলোবোৰ পুনৰ ৰ্নিৰ্মানৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি দি গৈছিল। পিছে যোৱা ৬ টা বছৰে কথা দি কথা নাৰাখিলে বিয়াগোম মন্ত্ৰী-বিধায়কৰ দলটোৱে। পুনৰ্নিমাণৰ বাবে ৬ বছৰত এচপৰা শিল পেলাবলৈ অক্ষম অসম চৰকাৰক চূড়ান্ত মিথ্যাচাৰৰ আখ্যা, ক্ষুৰধাৰ সমালোচনা কৰি ধিক্কাৰ দিয়ে সংগঠনটোৱে।

Also Read: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ নাকৰ বি+ গ্ৰেড

ALL ASSAM STUDENT UNION