প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি তিনিচুকীয়াত আছুৰ বিক্ষোভ

ডা০ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন
প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি তিনিচুকীয়াত আছুৰ বিক্ষোভ

জিটেল সংবাদ, তিনিচুকীয়াঃ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংঘটিত ব্যাপক বিসংগতি তথা প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি আছুৰ প্ৰতিবাদ। শুকুৰবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন শ্ল'গান দি থানা চাৰিআলিৰ পৰিৱেশ উত্তপ্ত কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আছুৱে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।

প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি তিনিচুকীয়াত আছুৰ বিক্ষোভ
মৰিগাঁও জিলা পুথিভঁৰালত বিকলাংগ লোকৰ সাৱলীকৰণৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in