/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/CAA-PROTEST-17.jpg)
ডিজিটেল ডেস্কঃ মাত্ৰ ২ ঘণ্টাতে অন্ত পৰিল উত্তৰ পূব ছাত্ৰ সন্থাৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাসত সাব্যস্ত কৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। মুধবাৰে বিয়লি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্ব সাব্যস্ত হোৱা এই প্ৰতিবাদত আছুৰ সভাপতি দীপংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও উপস্থিত থাকে।
ছহিদ ন্যাসত সাব্যস্ত কৰা এই প্ৰতিবাদত আছু নেতৃত্বই নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ উপৰিও উত্তৰ পূবৰ ৰাজ্যসমূহত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা, সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা আৰু উত্তৰ পূৱত বৃদ্ধি পোৱা মৌলবাদী কাৰ্যকলাপ ৰোধ কৰাৰ দাবী উত্থাপন কৰে। আছু কৰ্মীসকলে প্ৰতিবাদস্থলীত বিভিন্ন প্ৰতিবাদী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলক আৰক্ষী প্ৰশাসনে ছহিদ ন্যাসৰ গেটৰ সন্মুখতে বাধা দিয়ে। প্ৰতিবাদৰ নেতৃত্ববহন কৰা আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কোভিডৰ বাবেহে নাগৰিকত্ব সংশোধনী আইন আন্দোলন স্তিমিত হোৱা বুলি মন্তব্য কৰে। তেওঁ এই আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰি কয় যে, উত্তৰ পূৰ্বাঞ্চলত খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত হ'বই লাগিব।
ভট্টাচাৰ্যই শাসনাধিস্ত চৰকাৰে গণতন্ত্ৰক হত্যা কৰা বুলিও মন্তব্য কৰে। আনহাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি পোৱা মৌলবাদী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ভাৰত-বাংলাদেশৰ সীমা ছীল কৰিবলৈও দাবী জনাই। তেওঁ ২০১৯ ৰ আন্দোলনৰ সময়ত কোৱাৰ দৰেই পুনৰ শিক্ষাৰ্থীৰ অধ্যয়ন আৰু আন্দোলন একে সময়তে চলি থাকিব বুলিও মন্তব্য কৰে।
ইফালে আছুৰ সভাপতি দীপাংক নাথে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সকলোকে একত্ৰিত কৰি প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি মন্তব্য কৰে। তেওঁ এই আইন প্ৰত্যাহাৰৰ বাবে প্ৰতিিবাদ সাব্যস্ত কৰি ছহিদ হোৱা সকলে তেওঁলোকক সাহস দি গৈছে বুলি মন্তব্য কৰি এই আন্দোলন তীব্ৰতৰ হ'ব বুলি মন্তব্য কৰে।