''দীপাংক নাথৰ দৰে গাড্ডাৰ আগতেও দেখা নাই, আগলৈও নেদেখিবলৈ প্ৰাৰ্থনা কৰিছোঁ''

''দীপাংক নাথৰ দৰে গাড্ডাৰ আগতেও দেখা নাই, আগলৈও নেদেখিবলৈ প্ৰাৰ্থনা কৰিছোঁ''
''দীপাংক নাথৰ দৰে গাড্ডাৰ আগতেও দেখা নাই, আগলৈও নেদেখিবলৈ প্ৰাৰ্থনা কৰিছোঁ''

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, কা আন্দোলনৰ নেতা তথা অসম জাতীয় পৰিষদ দল গঠনৰ অন্যতম পৃষ্ঠপোষক দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাৰ পিছতে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে। তাৰ মাজতে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই দীপাংক কুমাৰ নাথৰ দৰে গাড্ডাৰ কেতিয়াও দেখা নাই আৰু নেদেখিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনী জনোৱাৰ লগতে তেওঁক আছু অবিহনে এটা বিৰাট ডাঙৰ শূন্য বুলি অভিহিত কৰিছে।

তেওঁ কয়, দীপাংক কুমাৰ নাথে আজিৰ পৰা মাত্ৰ ১ বছৰ ৩ মাহ পূৰ্বে ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰিছে। তেওঁ বিজেপিত যোগদান কৰাত ছাত্ৰ সন্থাৰ পৰিয়াল হিচাপে আমি অতি মৰ্মাহত হৈছোঁ। অন্ততঃ এইগৰাকী ব্যক্তিয়ে এনেকুৱা এটা কাম কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। যিটো আটাইতকৈ লজ্জাজনক কাম হৈছে। জাতিৰ কথা বাদেই দিয়ক, ছাত্ৰ সন্থাৰ কৰ্মী সকলেও তেওঁৰ পৰা এয়া আশা কৰা নাছিলোঁ।

তেওঁ দীপাংক নাথে বিজেপিত যোগদানৰ পূৰ্বে আছু নেতৃত্বৰে কোনো কথা আলোচনা কৰা নাছিল বুলি স্পষ্টকৈ উল্লেখ কৰি কয়, প্ৰথম কথা হৈছে দীপাংক কুমাৰ নাথে বিভিন্ন সময়ত কৈ আহিছে যে, ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, বৰ্তমানৰ নেতৃত্বৰ লগত আলোচনা কৰি ৰাজনীতিলৈ যাম। পূৰ্বতে তেওঁ কোৱা এই কথা এতিয়া প্ৰচাৰ চলি আছে। কিন্তু স্পষ্টকৈ কওঁ, তেওঁ ৰাজনীতিত যোগদান কৰিব, ব্যক্তিগত জীৱনত কি কৰিব সেই বিষয়ে ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক বা কোনো সদস্যৰ সৈতে আলোচনা কৰা নাই। আমি প্ৰত্যাহ্বান জনাইছো, যদি তেওঁৰ সাহস আছে তেন্তে কওঁক কেতিয়া এই বিষয়ে আলোচনা কৰিছে। যদি আলোচনা কৰিলেহেঁতেন তেন্তে আমি ৰাজনীতিয়েই কৰিব নালাগে বুলি কলোঁহেতেন। কাৰণ এতিয়া তেওঁৰ ৰাজনীতি কৰাৰ বয়স নাই।

তেওঁ পুনৰ কয়, এইগৰাকী ব্যক্তিয়ে যিটো কাম কৰিছে সমগ্ৰ ছাত্ৰ সন্থাৰ সত্তা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে। ছাত্ৰ সন্থাৰ তৃণমূলৰ সদস্যৰ পৰা আমাৰ নেতৃত্বলৈকে প্ৰশ্নৰ সন্মুখীন হৈছো। ৰাইজৰ ওচৰলৈ গ'লে, সাংবাদিকৰ সন্মুখলৈ গ'লে প্ৰশ্নৰ সন্মুখীন হৈছো। ৰাইজে এতিয়া আমাক বিশ্বাসঘাটকতাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব। কাৰণ এইগৰাকী ব্যক্তিয়ে যি বিশ্বাসঘাটকতা কৰিছে এইটোৱেই ইতিহাসৰ শ্ৰেষ্ঠ বিশ্বাসঘাটকতা।

তেওঁ কয়, এইগৰাকী ব্যক্তিয়ে 'কা' আন্দোলনৰ নেতৃত্ব লৈছিল। তেওঁ আৰু লুৰীণজ্যোতি গগৈয়ে 'কা' আন্দোলনৰ নেতৃত্ব লোৱাৰ সময়ত আমি জিলা ছাত্ৰ সন্থাত আছিলো। জিলা ছাত্ৰ সন্থাত থাকি আমি 'কা' আন্দোলনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলো। সেই সময়ত তেখেতে গোৱালপাৰাৰ পৰা ডিঙিৰ শিৰ ফুলাই ফুলাই বিকল্প দল কৰিব লাগে বুলি কৈছিল। ছাত্ৰ সন্থাৰ মজিয়াত থাকি অৰাজানৈতিক চৰিত্ৰ কলুষিত কৰি বিকল্প দল খোলাত তেখেতে মুখ্য ভূমিকা লৈছিল। তাৰ পিছত কি কি কৰিলে আপোনালোক সকলোৱে জানেই।

এতিয়া আকৌ সেইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰাৰ পিছত বিজেপিত যোগদান কৰিছে। ইয়াতকৈ আৰু লজ্জাজনক, ইয়াতকৈ জাতিৰ গাড্ডাৰ মানুহ আমি আগতেও দেখা নাই আৰু ভৱিষ্যতেও নেদিখিবলৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো।

এইগৰাকী মানুহক এটা কথাই ক'ব খুজিছো, ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰলৈকে অনুভৱ কৰিছো, দীপাংক নাথ বুলি ক'লে কোনে চিনি পায়? দীপাংক নাথৰ পাছফালে যদি প্ৰাক্তন আছু নেতা বা আছুৰ প্ৰাক্তন সভাপতি বুলি নাথাকে তেন্তে তেওঁক কোনে চিনি পায়? দীপাংক নাথ এটা ডাঙৰ শূন্য।

সেয়ে তেওঁৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰি বিজেপিৰ ওচৰত তেওঁৰ দাম বঢ়োৱাৰ কোনো দৰকাৰ নাই। কিয় তেওঁক হিৰ'বনাব লাগে তাৰ একো কাৰণ বিচাৰি পোৱা নাই। কা আন্দোলনৰ নেতৃত্ব দি ৫ গৰাকীক ছহিদ কৰিছে। সেই ৫ গৰাকী ছহিদৰ পৰিয়াল, ছহিদৰ আত্মাই তেখেতক যি অভিশাপ দিব লাগে দিব। অসমৰ জাতিয়ে যি অভিশাপ দিব লাগে দিব। আছুৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰলৈকে ৰাইজৰ পৰা যিমানেই কঠোৰ প্ৰশ্নৰ সন্মুখীন হম সিমানেই তেখতলৈ অভিশাপ যাব।

তেখেতে এটা দলৰ জন্ম দি, জাতিয়াতাবাদৰ, আঞ্চলিকতাবাদৰ কথা কৈ এবছৰ তিনি মাহতে যি পাভ লুটি মাৰি বিজেপিত যোগদান কৰিছে, এনে পাভলুটি মৰা, বিশ্বাসঘাটকতা কৰা মানুহ আমি জীৱনত কেতিয়াও দেখা নাই আৰু ভৱিষ্যতেও কেতিয়াও নেদেখিবলৈ প্ৰাৰ্থনা জনাইছো। আমি যেতিয়া জন্ম হোৱা নাছিলো তেতিয়াই তেওঁ ছাত্ৰ সন্থাৰ কেন্দ্ৰিয় সমিতি কৰা মানুহ। এইগৰাকী মানুহে ছাত্ৰ সন্থাক কিদৰে ব্যৱহাৰ কৰিব লাগে, জাতিটোৰ লগত কিধৰণে কথা-বতৰা পাতিব লাগে, কিদৰে বিশ্বাসঘাটকতা কৰিব নালাগে এইবোৰ শিকাবলগীয়া নাই। দীপাংক নাথ আছু অবিহনে এটা ডাঙৰ শূন্য।

''দীপাংক নাথৰ দৰে গাড্ডাৰ আগতেও দেখা নাই, আগলৈও নেদেখিবলৈ প্ৰাৰ্থনা কৰিছোঁ''
বোকাখাত জাতীয় বিদ্যালয়ত‌ সঁফুৰা বৃত্তি পৰীক্ষা ২০২৩-২৪ : ৩১৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in