শিক্ষক দিৱসত বিজেপিৰ পতাকা : জাঙুৰ খাই উঠিল বিহপুৰীয়া আছু

বিহপুৰীয়াৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিহপুৰীয়া মহাবিদ্যালয় সহযোগত সোমবাৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷

author-image
Asomiya Pratidin
New Update
শিক্ষক দিৱসত বিজেপিৰ পতাকা :  জাঙুৰ খাই উঠিল বিহপুৰীয়া আছু

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়াৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিহপুৰীয়া মহাবিদ্যালয় সহযোগত সোমবাৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ বিধায়ক ড° অমিয় কুমাৰ ভূঞা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমুল্য হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত হোৱা শিক্ষক দিৱস ৰাজনৈতিক অনুষ্ঠানলৈ পৰ্যবসিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিহপুৰীয়া আছুয়ে ৷

Advertisment

বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল দেউৰী আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যুগল মেধিয়ে প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জড়িয়তে শিক্ষক দিৱস উদযাপনৰ নামত মহাবিদ্যালয়ৰ চৌহদত বিজেপি দলৰ পতাকা উৰুৱাই বিধায়ক আৰু অধ্যক্ষই শিক্ষক দিৱসৰ কাৰ্যসূচীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা অভিযোগ উত্থাপন কৰিছে ৷

সন্থাই এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আগন্তুক সময়ত মহাবিদ্যালয় খনক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰিবৰ বাবে অধ্যক্ষ ড° অমুল্য হাজৰিকাক সকীয়াই দিছে ৷

bihpuria teacherday assam aasu