/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/aasi-potest.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত অভাৱনীয় অনিয়ম, দুৰ্নীতিৰে ঘাইপথক চাৰিলেনৰ পৰিৱৰ্তে এক প্ৰকাৰে মৰণফাণ্ডলৈ ৰূপান্তৰিত কৰাৰ বিৰুদ্ধে সোমবাৰে শিৱসাগৰ উত্তাল কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ পৃষ্ঠপোষকতাত ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণৰ নামত ভয়ংকৰ অনিয়ম, লেহেমীয়া, নিম্ন মানদণ্ডৰ কামেৰে প্ৰবঞ্চনা কৰাৰ বিৰুদ্ধে আজি শিৱসাগৰ উত্তাল কৰিলে আছুৱে। আজি দিনৰ ১১ বজাৰ পৰা সহস্ৰাধিক আছু কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দৰিকাপাৰ অঞ্চলত অৱৰোধেৰে ঘাইপথৰ যাতায়ত সম্পূৰ্ণ স্থৱিৰ কৰি তোলে।
সকলো যাতায়ত সম্পূৰ্ণৰূপে স্থৱিৰ কৰি তোলা এই প্ৰতিবাদী কাৰ্যসূচীত জিলা খনৰ প্ৰতিখন আঞ্চলিকৰ পৰাই শ শ আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।পূৰ্বতে একে জলন্ত সমস্যাক লৈ কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰা আছুক বাৰে বাৰে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধীকৰণে প্ৰতিশ্ৰুতিৰ নামত আভূৱা ভাৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৷যাৰ পৰিপ্ৰেক্ষিত্বত সাধাৰণ ৰাইজৰ সুচল-নিৰাপদ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি জোৰদাৰ অৱৰোধ কাৰ্যসূচীৰ দ্বাৰা ঘাইপথ প্ৰাধীকৰণৰ পৰা লিখিত প্ৰতিশ্ৰুতি দাবী কৰে।
প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নিতিন গডকৰী মুৰ্দাবাদ, ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণ মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাঁজী পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাই পথৰ এই ৪৪ কিলোমিটাৰৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে, পথ নে পুখুৰী তাক ধৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে ৷একমাত্ৰ ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ এই অৱৰ্ণনীয় অৱস্থাৰ বাবেই নিতৌ দুৰ্ঘটনাত মৃত্যু হৈছে নিৰীহৰ ৷
তেনেস্থলত আছুৰ এই জোৰদাৰ প্ৰতিবাদী কাৰ্য্যসুচীয়ে ঘাই পথ প্ৰাধীকৰণক কেনেদৰে পথ নিৰ্মাণ আৰু জৰাজীৰ্ণ অংশ মেৰামতিৰ বাবে বাধ্য কৰাই সেইয়া হব লক্ষণীয়। জাঁজীৰ পৰা ডিমোলৈকে ৪৪ কিলোমিটাৰ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল।
উক্ত কোম্পানীয়ে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰে। তদুপৰি ঠিৰাদাৰী প্ৰতিষ্ঠানে অতি নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ তেতিয়াৰ পৰা ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ নোহোৱাকৈ বিধ্বস্ত অৱস্থাত পৰি আছে। যাৰ বাবে গৌৰীসাগৰৰ পৰা জাঁজীলৈকে এই পথখণ্ড নৰক কুণ্ডলৈ ৰূপান্তৰিত হৈছে ৷
আৰু পঢ়ক: থানাত অগ্নি সংযোগত জড়িত ২০ জনক চিনাক্ত, ৬ জনক আৰক্ষীৰ জিম্মালৈ