'কা' আমি নামানোঃ ৰঙিয়াত আছুৰ প্ৰতিবাদ...

'কা' আমি নামানোঃ ৰঙিয়াত আছুৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) আইন('কা') বলবৎ কৰিলে । সেয়ে অসম বিৰোধী, সংবিধান বিৰোধী, গণতন্ত্ৰৰ বিৰোধী, অসম চুক্তি লংঘনকাৰী, জাতিধ্বংসী, সাম্প্ৰদায়িক 'কা' বলবতৰ বিৰোধিতা কৰিবলৈ লয় ।

ইয়াকে লৈ ৰঙিয়া চহৰত আজি আছুৱে প্ৰতিবাদী শোভাযাত্ৰা কৰে । শোভাযাত্ৰাত আছুৰ কৰ্মীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ ফেষ্টুন লৈ কা আমি নামানো,কা বলবৎ বিৰোধিতা কৰিছোঁ, শীঘ্ৰে কা আইন বাতিল কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

আজিৰ এই প্ৰতিবাদী শোভাযাত্ৰাত ৰঙিয়াৰ আছুৰ কৰ্মী ভৱজ্যোতি ডেকা, জিতু ডেকা, তৌফিক আহমেদকে ধৰি কেইবাগৰাকীও কৰ্মীয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে এই প্ৰতিবাদী শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰ পৰা আৰম্ভ হৈ এন টি ৰোডেৰে ভূটান বাছ ষ্টপেজ হৈ ৰঙিয়াৰ তিনিআলিত সামৰণি পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in