/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0c228554-6afa-4ba0-b617-5d8bbcc06dca/popop.jpg)
aasu protest
ডিজিটেল সংবাদ, নামৰূপ - নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ প্ৰতিবাদত দেওবাৰে সন্ধিয়া ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰে। তেনে সময়তে প্ৰতিবাদী জোৰ সমদলক তীব্ৰ বাধা প্ৰদান কৰে নামৰূপ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দলে।
৫ শতাধিক আছু কৰ্মীয়ে জোৰ লৈ সমদল আৰম্ভ কৰিবলৈ লওঁতেই বিয়লিৰে পৰা নামৰূপ সোনাৰী তিনি আলি , সাৰ কাৰখানা মুখ্য দ্বাৰত মোতায়েন হৈ থকা শতাধিক আৰক্ষী ,অৰ্ধ সামৰিক বাহিনী চি আৰ পি এফ জোৱানে প্ৰতিবাদী সকলৰ ওপৰত জঁপিয়াই পৰি হাতৰ পৰা জোৰ কাঢ়ি লৈ নুমুৱাই পেলায়।
প্ৰশাসনৰ প্রচণ্ড বাধা স্বত্তেও আছুৰ প্ৰতিবাদী সকলে উক্ত স্থানতে চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। উত্তেজিত প্ৰতিবাদী সকলে নৰেন্দ্ৰ মোদী মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বিজেপি গো বেক, ফেচিবাদী চৰকাৰ নিপাত যাওক ,সাৰ কাৰখানা বিক্ৰী কৰিবলৈ দিয়া নহব আদি শ্লোগানে উত্তপ্ত কৰি তোলে পৰিস্থিতি।
প্ৰতিবাদ থলীতে আছুৰ ডিব্ৰুগড়ৰ জিলাৰ সভাপতি বুলবুল দত্ত কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য অনিল গগৈয়ে ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন বিৰোধী সিদ্ধান্ত তীব্ৰ বাক্য বানেৰে থকাসৰকা কৰে। অসমৰ সকলো সম্পদ বিক্ৰী কৰাৰ পিছত নামৰূপ সাৰ কাৰখনৰ ওপৰতো বিজেপি চৰকাৰৰ চকু পৰিল বুলি ভাষণত উল্লেখ কৰে প্ৰতিগৰাকী বক্তাই।
যি কোনো পৰিস্থিতিতে নামৰূপ সাৰ কাৰখানা জীয়াই ৰাখিবলৈ অসমবাসীক আহ্বান জনায় প্ৰতিবাদ থলীৰ পৰা জিলা নেতৃত্বই। লগতে গণতান্ত্ৰিক আন্দোলন কৰা প্ৰতিবাদী সকলক বাধা প্ৰদান কৰি হেঁচা ঠেলা হতাহতি কৰি আগবাঢ়িবলৈ নিদিয়া কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী বুলি অসম চৰকাৰৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদী সকলে।