প্ৰতিবাদী শ্লোগানেৰে উত্তাল বাক্সাৰ আছু

অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত বুধবাৰে সমগ্ৰ ৰাজ্যতে আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । বাক্সা জিলাৰ মুছলপুৰতো বাস্কা আঞ্চলিক ছাত্ৰ সন্থাই মাতৃভাষা মাধ্যমৰ সম্পৰ্কত অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে ।

author-image
Asomiya Pratidin
New Update
প্ৰতিবাদী শ্লোগানেৰে উত্তাল বাক্সাৰ আছু

ডিজিটেল সংবাদ, বাক্সাঃ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত বুধবাৰে সমগ্ৰ ৰাজ্যতে আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । বাক্সা জিলাৰ মুছলপুৰতো বাস্কা আঞ্চলিক ছাত্ৰ সন্থাই মাতৃভাষা মাধ্যমৰ সম্পৰ্কত অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে ।

Advertisment

আছুৰ সদস্য সকলে অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, শিক্ষামন্ত্ৰী হায় হায়, মাতৃভাষা মাধ্যমৰ সম্পৰ্কত অসম চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । তেওঁলোকে চৰকাৰখনক ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ বাৰে-বাৰে হেতালি খেলাৰ পৰা বিৰত থাকিবলৈ দাবী জনায় ।

Also Read: বৰখলা বিধানসভা সমষ্টিত ৮,২০৮ খন ৰেচন কাৰ্ড বিতৰণ

aasu protest baksha aasu