কঞা ৰাজহ চক্ৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ হাল্লা ব'ল...

কঞা ৰাজহ চক্ৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ হাল্লা ব'ল...

author-image
Asomiya Pratidin
New Update
কঞা ৰাজহ চক্ৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ হাল্লা ব'ল...

ডিজিটেল সংবাদ,হাজোঃ "স্থান হেৰালে,মান হেৰায়। আগতে হাজো সমষ্টিত আছিলোঁ,এতিয়া ৰঙিয়া সমষ্টিৰ হ'লো,পিছে হাজো সমষ্টিত থাকোতে ঠিকেই আছিল, ৰঙিয়া সমষ্টিত আহি আমাক সন্মান নোহোৱা হৈ গ'ল। ৰঙিয়াত আহি আমি নিজৰ ৰাজহ চক্ৰ হেৰুৱালো"- আজি এনেদৰে ক্ষোভ উজাৰে কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাইজ তথা আছু নেতৃত্বই।

Advertisment

কঞা ৰাজহ চক্ৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে আজি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছু নেতৃবৃন্দই। উল্লেখ্য যে, পূৰ্বতে হাজো সমষ্টিৰ অন্তৰ্গত কঞা ৰাজহ চক্ৰই সকলো কাম পৰিচালনা কৰিছিল। পিছে সমষ্টি নিৰ্ধাৰণৰ পাছত ৰঙিয়া সমষ্টিলৈ স্থানান্তৰ হয় কঞা ৰাজহ চক্ৰ।

নাটকীয় ভাবে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কথা নাভাবি কঞা ৰাজহ চক্ৰক বিলুপ্তি কৰিব বিচৰা কাৰ্যক গৰিহণা দিয়ে আছু নেতৃত্বই। প্ৰতিবাদী সভা,নাগৰিক সভা অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সৰৱ হৈ পৰে আছু নেতৃত্ব। চৰকাৰ তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ বিৰুদ্ধে সৰৱ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে আছু নেতৃত্ব।

Also Read: বিশ্বজুৰি ভাইৰেল ৰাজকুমাৰ...

Rongiya revenue circle aasu protest