/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fd9d519f-4860-4969-9ff0-56059997dc78/25.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ হাইৱেচকত সোমবাৰে যোগান মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ছাত্ৰ সন্থাই। অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত ব্যৰ্থতাৰ অভিযোগ তুলি প্ৰতিবাদী শ্লোগানেৰে কপাই তোলে ৰঙিয়া নগৰ। ইফালে প্ৰতিবাদকালত দীৰ্ঘসময় ধৰি ৰাজপথত আবদ্ধ হৈ পৰে যান-বাহন।
কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গোলোক ৰাজৱংশী, সম্পাদক তৌফিকুৰ ৰহমানৰ নেতৃত্বত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন আঞ্চলিকৰ নেতৃবৃন্দৰ লগতে কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভবজ্যোতি ডেকায়ো অংশগ্ৰহণ কৰে। প্ৰতিবাদস্থলীত ৰঙিয়া থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
Also Read: পেঙেৰীত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ উৎখাট চুলাই ঘাটি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us