মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুয়ে এক বিক্ষোভ কাৰ্যসূচী উলিয়ায়।

author-image
Asomiya Pratidin
New Update
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, হাটশিঙিমাৰী: খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আছুয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুয়ে এক বিক্ষোভ কাৰ্যসূচী উলিয়ায়।

Advertisment

মূল্যবৃদ্ধিকে ধৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হৈ প্ৰতিবাদী দলটোৱে উপায়ুক্তৰ কাৰ্যালয়ৰ আকাশ বতাহ কঁপাই তোলে ।শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে ভয়াবহ আন্দোলন কৰাৰ হুংকাৰ দিয়ে আছুৱে।

assam protest aasu