মূল্যবৃদ্ধিৰ বিৰোধীতাৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত আছুৰ…

মূল্যবৃদ্ধিৰ বিৰোধীতাৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত আছুৰ…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধিৰ বিৰোধীতাৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত আছুৰ…

ডিজিটেল সংবাদ: পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে আছুয়ে। বুধবাৰে কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ কেন্দ্ৰীয়  ছাত্ৰ সন্থাই মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয়  ছাত্ৰ সন্থাই বিজেপি চৰকাৰ হায় হায়,মূল্যবৃদ্ধি ৰোধ কৰক,মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ আদি  চৰকাৰ বিৰুধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

Advertisment

অন্যহাতে আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে দৰঙতো বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়। আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু সাধাৰণ সম্পাদক চাহিল চৌধুৰী ৰ নেতৃত্বত অৰ্ধশতাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

সমান্তৰালভাৱে মৰিয়ণি থানা চাৰিআলিত আৰু দেৱেৰাপাৰ চাৰিআলিত দিনৰ ১১ বজাৰ পৰা আছু"ৰ আহ্বানত খাদ্য সামগ্ৰী,ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত মৰিয়নী আৰু নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী ৰূপায়ণ কৰে।এই কাৰ্য্যসূচী আৰম্ভ হোৱা এই বিক্ষোভ কাৰ্য্যসূচীত শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই।

অন্য খবৰ পঢ়িবলৈ: কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'কামৰূপা' নামৰ উন্নত জাতৰ কুকুৰাৰ পোৱালী বিতৰণ…

assam protest aasu