/asomiyapratidin/media/media_files/2025/05/26/yltWS9mLFRFQtQizW0mI.jpg)
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন
ডিজিটেল সংবাদ, ঢকুৱাখনা: সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সমিতিখন দেওবাৰে পুনৰ গঠন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্ঞানদ্বীপ বৰা, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক মাধৱ শইকীয়া ,লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি দত্তৰ লগতে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে এই গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাত।
আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয় শ্বহীদ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত এই সভাৰ আঁত ধৰে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্যজ্যোতি দাসে। ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰাজ বড়াই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত ছাত্ৰ সন্থাৰ নীতি আদর্শ আৰু ভৱিষ্যতে কৰণীয় কামৰ সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়াই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্ঞানদ্বীপ বৰাই।
পৰৱৰ্তী সময়ত সন্থাৰ আঞ্চলিক সমিতি খনৰ পদত্যাগৰ পাছতে এখন শক্তিশালী আঞ্চলিক সমিতি গঠনৰ প্ৰক্ৰিয়া গণতান্ত্ৰিকভাবে আৰম্ভ হয়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহক সদস্যৰ লগতে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদকৰ পৰ্যবেক্ষণত পৰৱৰ্তী কাৰ্যকালৰ বাবে এখন ৫১ জনীয়া আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। সন্থাৰ শীর্ষ নেতৃত্বৰ পৰামৰ্শ অনুসৰি ৰাজ বড়াক সভাপতি আৰু অচিন্ত সৰকাৰক সাধাৰণ সম্পাদক হিচাবে দায়িত্ব অৰ্পণ কৰা হয়। সভাতেই ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা প্ৰাক্তন সভাপতি লক্ষ্যজ্যোতি দাসে অব্যাহতি বিচৰাত বিধিগতভাৱে সন্থাৰ পৰা দাসক অব্যাহতি দিয়া হয়।