/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/agp.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ আঠটাকৈ বিধানসভা সমষ্টিত আঞ্চলিক দল অসম গন পৰিষদে সাংগাঠনিক ভেটি সু-দৃঢ় কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷ দলটোৰ শীৰ্ষ নেতা বিধায়ক ফনীভূষণ চৌধুৰী আৰু বীৰেন বৈশ্যই শুকুৰবাৰে নগাঁৱত উপস্থিত হয় ৷ দিনৰ ১১ বজাত নগাঁও জিলা অগপ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাম কাজৰ বুজ লয়৷ নগাঁৱৰ পৰা দুই নেতা চামগুৰিত উপস্হিত হৈ দলীয় নেতা কৰ্মীৰে মিলিত হৈ ধিঙত আন এক দলীয় সভাত ভাগ লয় ৷
প্ৰতিটো বিধান সভা সমষ্টিত অগপৰ বিধানসভা পৰিষদে একোখনকৈ বৰ্দ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত কৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে নগাঁৱত বাহৰ পতা দুই নেতাই শনিবাৰে পুৱা বঢ়মপুৰৰ বৰঘাটত দলীয় সভাত অংশ গ্ৰহণ কৰিব ৷ অৱশ্যে দীৰ্ঘদিন বঢ়মপুৰৰ বিধায়ক হৈ থকা প্ৰাক্তনমুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বঢ়মপুৰৰ সাংগাঠনিক সভা খনত উপস্হিত নাথাকে ৷ মহন্তৰ অবিহনে বঢ়মপুৰত শণিবাৰে অনুষ্ঠিত হব অগপৰসাংগাঠনিক সভা ৷
উল্লেখ্য এই যে নগাঁৱত অগপই সাংগাঠনিক তৎপৰতা অৱলম্বন কৰাৰ সময়তে ছাত্ৰ সন্থাৰ নেতা আৰু যুৱ কংগ্ৰেছৰ নেতাই অগপত শুকুৰবাৰৰ দিনটোত যোগদান কৰিছে ৷ চামগুৰি আছুৰ প্ৰাক্তন সভাপতি অপৰূপ শইকীয়াই আনুষ্ঠানিক ভাবে অগপত যোগদান কৰে ৷ ইফালে ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰন সম্পাদক নগাঁৱৰ অভিজিৎ বৰাই আনুষ্ঠানিক ভাবে অগপ দলত যোগদান কৰে ৷
আৰু পঢ়ক: নাৰী সৰবৰাহকাৰী চক্ৰৰ নায়িকা চাবিনাক গ্ৰেপ্তাৰ আৰক্ষীৰ…