/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c84313ef-7082-4cdd-8a84-87ad86d315f8/aasu.jpg)
ডিজিটেল সংবাদ, নামৰূপ : দীপাৱলী উপলক্ষে ফটকা-আতচবাজিৰ ব্যৱসায় কৰা এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ফটকা, ধন বিচাৰি হাৰাশাস্তি কৰাৰ লগতে মাৰধৰ কৰাৰ অপৰাধত মঙলবাৰে নিশা সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ শিক্ষা সম্পাদক তথা নামৰূপ আছুৰ উপদেষ্টা আৰু নামৰূপৰ কেইবাটাও অনুষ্ঠানৰ লগত জড়িত মানস জ্যোতি চাংমাইক কালি নিশা নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য মতে, নিশা প্ৰায় ন বজাত আছুৰ নেতা মানস জ্যোতি চাংমায়ে এজন সহযোগীৰ সৈতে বিভি এফ চি এল ডেইলি বজাৰৰ সন্মুখত অস্থায়ী ভাবে ফটকাৰ দোকান দিয়া অনা অসমীয়া ব্যৱসায়ী কৃষ্ণ গুপ্তাৰ দোকানত প্ৰৱেশ কৰি ফট্কা বিচাৰি দাবী ধমকি দিয়ে ক্ষান্ত নাথাকি ব্যৱসায়ী গৰাকীক মাৰধৰো কৰে। লগতে ব্যৱসায়ী গৰাকীৰ কেচ বক্সৰ পৰা ধন লৈ উধাও হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ব্যৱসায়িক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰা প্রত্যক্ষ কৰি নিশা প্ৰায় দহ বজাত নামৰূপ চেম্বাৰছ অৱ কমাৰ্চৰ বিষয় ববীয়া আৰু ব্যৱসায়ী সকলে আছু নেতা জনক গ্ৰেপ্তাৰৰ দাবীত নামৰূপ থানাত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে লগতে ভুক্তভোগী কৃষ্ণ গুপ্তা আৰু চেম্বাৰছ অৱ কমাৰ্চৰ সহযোগত ঘটনা সন্দৰ্ভত নামৰূপ থানাত এক এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত নামৰূপ থানা গোচৰ নং ৮৫ /২০২২ ভাৰতীয় দণ্ড বিধি আইন ৩২৫/৩৮৭ ধাৰাত গোচৰ ৰুজু কৰি নিশাই নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীল কমল বৰুৱাৰ নেতৃত্বত আছু নেতা জনক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰাই আজি জেল হাজোটলৈ চালান দিয়ে।
স্মৰ্তব্য যে,, ইয়াৰ পূৰ্বেও উক্ত আছু নেতা গৰাকী নামৰূপ থানাৰ বহু কেইটা গোচৰত গ্ৰেপ্তাৰ হৈছিল।