/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3c25f546-4402-47e5-a378-d678b0eec2d7/teja.jpg)
tejaswita
ডিজিটেল সংবাদ,মাজুলী: উদয়নমান প্ৰতিভাবান কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ গড়মূৰ চিকিৎসালয়ত মৃত্যু হোৱাৰে পৰা মাজুলী স্বাস্থ্য খণ্ড সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত তদন্ত ঘোষনা কৰিছিল চৰকাৰে।
১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজহুৱা সাক্ষ্যৰ দিন ঘোষনাও কৰিছিল। কিন্তু সাক্ষ্য দিবৰ বাবে ওলাই নাহিল এজনো লোক। বহু সময়ত ছচিয়েল মিডিয়াত যিয়ে তেজস্বীতাৰ ন্যায় বিচাৰিছিল সেই সকলকো দেখা নগল তেজস্বতীৰ বাবে ওলাই অহাতো।
ইয়াৰ পাছতে তদন্তকাৰী বিষয়া ড০ সঞ্জীৱ ফুকনে ৰাজহুৱা সাক্ষ্যৰ দিন পুনৰ ১৯ অক্টোবৰলৈ বঢ়াই দিছিল। ইয়াৰ পাছতে পৰিয়ালৰ লোকেও কাতৰ আহ্বান কৰিছিল ৰাইজক।
পিতৃ ৰুহিত বৰুৱাই কৈছিল যে আমি সাক্ষ্য দিবলৈ সাজু আছো। আমি পৰিয়ালৰ ৫ জনেই দিম সাক্ষ্য। প্ৰকৃততে লগত গৈছিল কোন সাক্ষী লওক ।লগতে ৰাইজৰো সহায় বিচাৰে বৰুৱাই।
আনহাতে বৃহস্পতিবাৰে যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্র সন্থাই সাক্ষ্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে ।আজি গড়মূৰত উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলা ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা আৰু মাজুলী জিলা যুৱ ছাত্র পৰিষদে সাক্ষ্য প্ৰদান কৰিছে।