বিহালী উপ-নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনত নাই আছাঃ সংবাদমেলত স্পষ্টীকৰণ

বিহালী উপ-নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনত নাই আছাঃ সংবাদমেলত স্পষ্টীকৰণ আছাৰ

author-image
Asomiya Pratidin
New Update
বিহালী উপ-নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনত নাই আছাঃ সংবাদমেলত স্পষ্টীকৰণ

ডিজিটেল সংবাদ,বিহালীঃ শনিবাৰে বিহালী বৰগাঙত কংগ্ৰেছক ভোট দিয়াৰ বাবে আহ্বান জনাইছিল আছাৰ কেন্দ্ৰীয় উপ সভাপতি মেলখাছ তপ্পকে ধৰি কেইবাজনো নেতৃত্বই। এই বাতৰি সম্প্ৰচাৰ হোৱা পিছতেই বিহালীৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতি কোনো সমৰ্থন নাই বুলি স্পষ্টীকৰণ প্ৰদান কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

Advertisment

আজি এক সংবাদমেল সম্বোধন কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে, আছাৰ নামত কংগ্ৰেছৰ পৰা মোটা অংকৰ ধন লৈ বিহালীত কংগ্ৰেছক সমৰ্থন জনাইছে একাংশই। মেলখাছ তপ্নই কংগ্ৰেছত যোগদান কৰিছে,কিছু দিনৰ পিছতেই আছাৰ পৰা অব্যাহতি লব।

আজি সংবাদমেলৰ জৰিয়তে মেলখাছ তপ্নক এনেধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিলে আছাই। বিহালীবাসীক বিবেক ভোট প্ৰদানৰ আহ্বান জনায়। আদিবাসীৰ জনজাতিকৰণ, আদিবাসীৰ জাতিগত প্ৰমাণ পত্ৰ আৰু বিভিন্ন সমস্যাক লৈ ১২ নৱেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে বৈঠকত বহিব আছাৰ সজাতি দল। এই কথা সংবাদমেলত স্পষ্ট কৰিলে আছাৰ নেতৃত্বই।

Also Read: কংগ্ৰেছ তথা বিৰোধীক তুলা-ধূনা দি বিহালীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

AASA press meet bihali