/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/assa2-1140x570.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ 'এক শতাংশও বিশ্বাস নাই বিজেপিৰ প্ৰতিশ্ৰুতিৰ। ভুৱা প্ৰতিশ্ৰুতিৰে পাঁচ বছৰ শাসন কৰিলে বিজেপিয়ে। আকৌ এবাৰ আমাক ঠগিবলৈ সুযোগ দিয়া নহ'ব বিজেপিক।' -এই মন্তব্য আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰাৰ। অহা ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ওদালগুৰি প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত আছাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় যে চাহ শ্ৰমিকৰ মজুৰি আৰু জনজাতিকৰণ, ভূমিৰ পট্টা আৰু ভাষাৰ প্ৰচলন আদিবাসী সকলৰ মুল দাবী।
কিন্তু উক্ত দাবীৰ বিপৰীতে চাহ বাগানৰ চৰ্দাৰসকলক এনড্ৰ'ইড মোবাইল আৰু বিনামূলীয়া চাউল দিয়াৰহে ব্যৱস্থা কৰে। মূল দাবীৰ পৰা ফালৰি কাটি বিজেপিয়ে আদিবাসীসকলক প্ৰতাৰণা কৰিলে। আকৌ এবাৰ ভুৱা প্ৰতিশ্ৰুতিৰে আদিবাসীসকলক ঠগিবলৈ বিজেপি সাজু হৈছে বুলি অভিযোগ তুলি আগন্তুক দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপি দলটোক ভোটদান নকৰিবলৈ আছাৰ নেতাগৰাকীয়ে আহ্বান জনায়।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি যিহেতু বিজেপিয়ে বলপূৰ্বকভাৱে এই বিলখন গ্ৰহণ কৰাৰ হুংকাৰ দি আছে, তেনে ক্ষেত্ৰত খিলঞ্জীয়া ৰাইজকো বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আদিবাসী নেতাগৰাকীয়ে আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us