নাৰী শক্তি বন্দন বিধেয়কক মোদী চৰকাৰৰ নতুন 'ঝুমলা' আখ্যা 'আপ'ৰ

নাৰী শক্তি বন্দন বিধেয়কক মোদী চৰকাৰৰ নতুন 'ঝুমলা' আখ্যা 'আপ'ৰ

ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপেই বিজেপিয়ে সংসদত উত্থাপন কৰিছে মহিলাৰ সংৰক্ষণ বিধেয়ক। সম্প্রতি বিজেপি দলে নিজৰ নিৰ্বাচনী অংক মিলাই সংসদত বিষয়েকখন উত্থাপন কৰিছে বুলি অভিযোগ কৰিছে আম আদমি পাৰ্টী অসম ৰাজ্যিক সমিতিয়ে।

ৰাজনীতিৰ ঊর্ধ্বত গৈ মহিলাৰ সন্মানৰ বাবে মহিলা সংৰক্ষণ বিধেয়কখন বলৱৎ কৰিব লাগে বুলি কেন্দ্ৰৰ ওপৰত আম আদমি পাৰ্টীয়ে হেঁচা আৰোপ কৰি আহিছিল। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে 'আপ' ৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিধেয়কখন দেশত প্রযোজ্য হ'ব বুলি সকলোৱে আশা কৰিছিল, কিন্তু সেই আশাত মোদী চৰকাৰে চেঁচাপানী ঢালিছে। কিয়নো ২০২৪ লৈ বিধেয়কখন দেশত বলৱৎ নহয়। অর্থাৎ আগন্তুক লোকসভা নিৰ্বাচনত মহিলাই সংৰক্ষণ আসনৰ সুবিধা লাভ নকৰিব। কিয়নো আজিকোপতি ২০২১ ৰ লোকপিয়ল সম্পূৰ্ণ হৈ উঠা নাই। সদনত গৃহীত হ'লেও মহিলা সংৰক্ষণৰ এই বিধেয়কখন প্রযোজ্য হ'বলৈ বহু বছৰ সময়ৰ প্ৰয়োজন হ'ব।

নাৰী শক্তি বন্দন বিধেয়কৰ অনুমোদন জনোৱাটো মোদী চৰকাৰৰ 'ঝুমলা' আখ্যা দি ভবেন চৌধুৰীয়ে কয়, "এইয়া মহিলা সংৰক্ষণ বিধেয়ক নহয়, মহিলা বুৰ্বক সজোৱা বিধেয়ক। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উদ্দেশ্য যদি সং, তেন্তে ২০২৪ ব পূৰ্বে বিধেয়কখন ব্যৱস্থা কৰক। অন্যথা মহিলাসকলক প্ৰতাৰণা কৰা বন্ধ কৰক"।

দেশৰ আন ৰাজনৈতিক দলক আগতীয়া কোনো খবৰ নিদিয়াকৈ আৰু লোকসভাত দাখিল কৰিবলগীয়া বিধেয়কৰ তালিকাত কোনো উল্লেখ নকৰাকৈ আনকি অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠকত কাকো উমান নিদিয়াকৈ মোদী চৰকাৰে যিদৰে এই বিষেয়কখন উত্থাপন কৰাৰ কথা গোপনে ৰাখিলে, এই পৰিপ্ৰেক্ষিতত আম আদমি পার্টীয়ে বিজেপিৰ এইয়া ৰাজনৈতিক অভিযান বুলি মন্তব্য কৰিছে।

নাৰী শক্তি বন্দন বিধেয়কক মোদী চৰকাৰৰ নতুন 'ঝুমলা' আখ্যা 'আপ'ৰ
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনঃ ১৮.৮৩ কোটি ভাৰতীয় 'হাইপাৰটেনচন'ত আক্ৰান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in